New SOP for rehabilitation centers : ৰিহাব চেণ্টাৰকলৈ নতুন SOP;কি কি নিৰ্দেশনা মানিব লাগিব ৰিহাব চেণ্টাৰৰ কৰ্তৃপক্ষই ?

নিউজ ডেস্ক,২২জুলাই : আহি গ’ল ৰিহাব চেণ্টাৰকলৈ নতুন SOP। ৰাজ্যৰ নিচামুক্তি আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ বাবে অসম চৰকাৰে জাৰি কৰিলে বিশেষ নিৰ্দেশনা। ৰাজ্য চৰকাৰে প্ৰকাশ কৰা SOPৰ সংবাদমেল যোগে ঘোষণা কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তিনি মাহৰ ভিতৰত এইখন SOP প্ৰযোজ্য হ’ব(New SOP for rehabilitation centers)।
কি কি নিৰ্দেশনা মানিব লাগিব ৰিহাব চেণ্টাৰৰ কৰ্তৃপক্ষই ?
কোনো ৰিহেব চেণ্টাৰে চিকিৎসক-নাৰ্চ নোহোৱাকৈ নচলিব।
যদি ৰিহেব চেণ্টাৰত ৰোগী ঢুকাই তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ’ব।
যিসকল লোকে ৰিহেব চেণ্টাৰত ধন দিব নোৱাৰে,তেওঁলোকৰ বাবে চৰকাৰৰ ৰিহেব চেণ্টাৰত ৰখা হ’ব।
ৰিহেব চেণ্টাৰৰ থাকি অহা লোকে বাহিৰত ওলাই আহিয়ে ৰিহেব চেণ্টাৰ খুলিব নোৱাৰিব। ন্যূনতম তিনি বছৰৰ পাছতহে খুলিব পাৰিব।
ৰিহেব চেণ্টাৰত থকা ২৫জন ৰোগীৰ বাবে লাগিব দুগৰাকী নাৰ্চ।
এটা ৰিহেব চেণ্টাৰৰ কাৰ্যালয় সহায়ক আৰু একাউণ্টেণ্টৰ যোগ্যতা স্নাতক উত্তীৰ্ণ হ’ব লাগিব।
ৰিহেব চেণ্টাৰত থকা চিকিৎসকৰ লগত MoU থাকিব লাগিব।
চিকিৎসকৰ স্বাক্ষৰ অবিহনে ৰিহেবৰ পৰা ওলাই আহিব নোৱাৰিব।
ৰিহেব চেণ্টাৰটো ২৪ ঘণ্টাই চাফা, খোৱা-বোৱা ভাল, মুকলি ঠাই আৰু চিকিৎসক থাকিব লাগিব।
গাঁৱে গাঁৱে ৰিহেব চেণ্টাৰ খুলিব নোৱাৰিব, খুলিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ৰিহেব চেণ্টাৰ থকা ৰোগীক সপ্তাহত দুদিন চিকিৎসকৰ জৰিয়তে চিকিৎসা কৰাব লাগিব।
ৰিহেব চেণ্টাৰত মনোবিজ্ঞানীৰ কাউন্সেলিং থাকিবই লাগিব।
প্ৰজেট সমন্বয়ক স্নাতক হ’ব লাগিব।
ৰিহেব চেণ্টাৰত এজনকৈ কুক,এজন হেল্পাৰ, এজন হাউছ কীপিঙৰ লোক থাকিব লাগিব।
ভৰ্তিৰ সময়ত এজন চিকিৎসকে প্ৰমাণ পত্ৰ দিব লাগিব।
তিনি মাহৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব, যিসকলে এতিয়াও কৰা নাই।
এটা ৰিহেবৰ তিনি বছৰ থাকিব ম্যাদ থাকিব।
তিনি বছৰৰ পাছত পুনৰ পঞ্জীয়ন কৰিব লাগিব।
ৰোগীৰ HIV টেষ্ট বাধ্যতামূলক।
লগতে পঢ়ক : Japanese Encephalitis : নগাঁৱত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্য়ু এগৰাকী মহিলা