Local, Vocal, Global

New schedule of schools in jorhat from Monday : সোমবাৰৰ পৰা বিদ্যালয়ত পাঠদানৰ নতুন সময়সূচী নিৰ্ধাৰণ!

নিউজ ডেস্ক,২৬মে’ : ৰাজ্যত উৎকট গৰম । উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা প্ৰশাসনৰ নির্দেশনা ।

যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এক আদেশ যোগে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সন্দৰ্ভত কিছু নিৰ্দেশনা জাৰি কৰিছে।

নিৰ্দেশনা অনুসৰি, জিলাখনৰ সকলো চৰকাৰী , প্ৰাদেশীকৃত আৰু ব্যক্তিগত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীক গৰমৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে স্বাভাৱিক বিদ্যালয়ৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

নিৰ্দেশনা অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয় পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.০০ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়সমূহ পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ পুৱা ৭.৩০ বজাৰ পৰা ১.০০ বজালৈ পাঠদানৰ সময়সূচী পুনঃনিৰ্ধাৰণ কৰা হৈছে। তদুপৰি বিদ্যালয় কৰ্তৃপক্ষৰ বাবেও কিছু নিৰ্দেশনা জাৰি কৰা হৈছে।

লগতে নিৰ্দেশনাত জাৰি কৰা অনুসৰ্, পুৱাৰ প্ৰাৰ্থনা সভা ছাঁ থকা ঠাই বা শ্ৰেণীকোঠাত অনুষ্ঠিত কৰিব লাগিব, প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকক ঘৰৰ পৰা বিশুদ্ধ খোৱাপানী লগত আনিবলৈ উৎসাহিত কৰিব লাগিব(New schedule of schools in jorhat from Monday) ।

শ্ৰেণী কোঠা সমূহত বিজুলী ফেন নিশ্চিত কৰিব লাগিব লগতে শ্ৰেণীকোঠাত ফেন অচল অৱস্থাত থাকিলে তাৎক্ষণিকভাৱে মেৰামতি বা সলনি কৰিব লাগিব , ছাত্ৰ-ছাত্ৰী সকলৰ সাজ পোছাক পৰিধানৰ ক্ষেত্ৰত ব্লেজাৰ, কোট, টাই আদি পৰিধান কৰাৰ পৰা বিৰত ৰখা আৰু ছাত্ৰ-ছাত্ৰীয়ে জোতা পিন্ধি অস্বস্তি অনুভৱ কৰিলে চেণ্ডেল পিন্ধি যাব পাৰিব , গৰমৰ সময়ছোৱাত বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কোনোধৰণৰ বাহিৰত খেলা ধূলা আৰু অন্যান্য কাৰ্যসূচী হাতত ল’ব নোৱাৰিব।

ইয়াৰোপৰি বিদ্যালয়ৰ চৌহদৰ ওচৰে পাজৰে আইচক্ৰীম, ফুস্কা আদি বিক্ৰী বন্ধ কৰাৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই চোকা দৃষ্টি ৰখাৰ উপৰিও ছাত্ৰ- ছাত্ৰী সকলক ইয়াৰ পৰা বিৰত ৰাখিব লাগিব ।

লগতে পঢ়ক : Awareness rally by small tea growers : টীয়কত ক্ষুদ্ৰ চাহ খেতিয়কৰ সজাগতা ৰেলী