নতুনকৈ পে টি এম একাউন্ট খোলা নহব – এই নিৰ্দেশনা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ

নিউজ ডেস্ক, ১২মাৰ্চ: পে টি এমত খোলা নহব আৰু নতুনকৈ একাউন্ট । পে টি এম ডিজিটেল পেমেন্ট সংস্থা ৰ লগত সংলগ্ন হব নোৱাৰিব আৰু নতুন গ্ৰাহক। এই নিৰ্দেশনা জাৰি কৰিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। জানিব পৰা মতে পে টি এম বেংক ত এটা অডিঅ’ ফৰ্ম নিয়োগ কৰি আই টি চিষ্টেম ৰ হিচাপ নিকাচ কৰা হব। কিছু দিন পূৰ্বে আৰ বি আইয়ে ডিজিটেল পেমেন্ট ব্যৱস্থাৰ ওপৰত এখন নিয়মাৱলী জাৰি কৰিছিল। এই নিয়মাৱলী মতে ডিজিটেল চাৰ্ছ উপকৰৰ আধিনস্থ বিষয় । এই নিয়মাৱলী ৰ পিছত ডিজিটেল পেমেন্ট সংস্থা ৰ ওপৰত নিৰ্ভৰ হৈ থকা ব্যৱসায়িক সংস্থা সমূহ লাভান্বিত হব নে নাই তাৰ ওপৰত সন্দেহ জন্মিছিল।