New party linked to Hafiz Saeed to run in Pakistan general elections : পাকিস্তানৰ নিৰ্বাচনত নামিব মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছৈইদৰ দল !

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ ফেব্ৰুৱাৰী : এইবাৰ পাকিস্তানৰ নিৰ্বাচনত নামিব মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছৈইদৰ দল ।
সমাগত পাকিস্তানৰ সাধাৰণ নিৰ্বাচন । অহা ৮ ফেব্ৰুৱাৰীত পাকিস্তানত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন ।
প্ৰাপ্ত খবৰ অনুসৰি, এইবাৰ পাকিস্তানৰ নিৰ্বাচনত মাৰ্কাজী মুছলিম লীগ নামৰ এটা নতুন দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । এই দলটো ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছৈইদৰ দল । যি নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ এক নতুন উপায় হাতত লৈছে(New party, face of Mumbai attacks mastermind Hafiz Saeed’s banned group, to participate in Pakistan general election) ।
বিবিচি উৰ্দুত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পাকিস্তানৰ বিভিন্ন চহৰৰ পৰা দলটোৱে মনোনীত কৰা কেইজনমান প্ৰাৰ্থী আছে যি হয় হাফিজ ছৈইদৰ আত্মীয় বা অতীতত নিষিদ্ধ লস্কৰ-ই-তৈবা, জামাত-উদ-দাৱা বা মিলি মুছলিম লীগৰ সৈতে জড়িত আছিল । বৰ্তমান লাহোৰৰ কাৰাগাৰত বন্দী হৈ থকা ছাইদক পাকিস্তানী সন্ত্ৰাসবাদ বিৰোধী আদালতে কেইবাটাও সন্ত্ৰাসবাদী বিত্তীয় গোচৰত মুঠ ৩১ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে । ২০০৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ দ্বাৰা তেওঁক সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত কৰা হৈছিল(New party, face of Hafiz Saeed’s banned group, to participate in Pakistan general election) ।
শনিবাৰে প্ৰকাশিত এক বাতৰি অনুসৰি পাকিস্তানৰ ধৰ্মীয় দলসমূহক অনুসৰণ কৰা বিশ্লেষকসকলৰ উদ্ধৃতিৰে দাবী কৰা হৈছে যে পাকিস্তান মাৰ্কাজী মুছলিম লীগ হৈছে ছৈইদ নেতৃত্বাধীন জেইউডিৰ নতুন ৰাজনৈতিক মুখ ।
অৱশ্যে, দলৰ এগৰাকী মুখপাত্ৰই ছৈইদৰ সংগঠনবোৰৰ সৈতে ইয়াৰ সম্পৰ্কৰ কথা অস্বীকাৰ কৰিছে ।
লগতে পঢ়ক : Cattle Smuggling in Tamarhat : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ;তামাৰহাটত জব্দ ২২টাকৈ গৰু