Manipur violence : মণিপুৰত ভাইৰেল আন এটা চাঞ্চল্যকৰ ভিডিঅ’
নেশ্যনেল ডেস্ক, ১০অক্টোবৰ : অশান্ত মণিপুৰৰ পৰা আহিছে আন এক হিংসাত্মক ঘটনাৰ খবৰ(Manipur violence) । প্ৰায় প্ৰতিদিনে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনাই জোকাৰি গৈছে ৰাজ্যখন। পুনৰ মণিপুৰৰ পৰা আহিছে এক চাঞ্চল্যকৰ ঘটনাৰ খবৰ(New Manipur video shows person set on fire) ।
পুনৰ ৰাজ্যখনত ভাইৰেল আন এক চাঞ্চল্যকৰ ভিডিঅ’। যিটো ভিডিঅ’ এতিয়াই তোলপাৰ লগাইছে ৰাজ্যখনত । দেওবাৰে ইন্টাৰনেটত ব্যাপক হাৰত ভাইৰেল হৈছে এটা ভিডিঅ’ ৷ ভাইৰেল এটা ৭ ছেকেণ্ডৰ ভিডিঅ’। যিটো ভিডিঅ’ত দেখা গৈছে এগৰাকী জীৱন্তে ব্যক্তিক জ্বলাই দিয়া । ব্যক্তিজনৰ ওচৰতে একাংশ অভিযুক্ত থিয় হৈ আছে, ভিডিঅ’টোত কেৱল ব্যক্তিজনৰ ভৰি দুখনহে দেখা গৈছে । ভিডিঅ’টোত শুনা গৈছে গুলীচালনাৰ শব্দ ।
হিংসাজৰ্জৰিত মণিপুৰত ভাইৰেল হৈছে এটাৰ পাছত আন এটা চাঞ্চল্যকৰ ভিডিঅ’ ৷ শেহতীয়াকৈ এই ভিডিঅ’টোত মণিপুৰৰ এজন ব্যক্তিক জীৱন্তে জ্বলাই দিয়া দেখা গৈছে ৷
ইয়াৰ পাছতেই সোমবাৰে ৰাজ্যখনৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে এই ঘটনাৰ সত্যসত্যতা স্বীকাৰ কৰে(Video of Kuki man’s body being burnt surfaces online) ৷
এই সন্দৰ্ভত নিৰাপত্তা উপদেষ্টা গৰাকীয়ে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি এই ঘটনাত নিশ্চিতি প্ৰকাশ কৰে ৷ মণিপুৰৰ নিৰাপত্তা উপদেষ্টাগৰাকীয়ে উল্লেখ কৰা অনুসৰি অনুসৰি প্ৰাৰম্ভিক তদন্তত ভিডিঅ’টো ৪ মে’ৰ বুলি সন্দেহ কৰা হৈছে । ভিডিঅ’টোত দেখা পোৱা ব্যক্তিজন লাল ডিং থাংগা খোংছাই ওৰফে লাল জেমছ (৩৭ বছৰ) আৰু তেওঁ কাংপকপি জিলাৰ হাউ হং চিং গাঁৱৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে । বৰ্তমান JNIMS হাস্পতালত ৰখা হৈছে মৃতদেহটো ।
উল্লেখ্য যে, এই ঘটনাটো মণিপুৰত দুগৰাকী যুৱতীক উলংগ অৱস্থাত পেৰেড কৰোৱা ভাইৰেল ভিডিঅ‘ৰ লগত সংগতি থকাৰ সন্দেহ কৰা হৈছে ৷ এক সংবাদমেল যোগে নিৰাপত্তা উপদেষ্টা সিঙে কয় যে এই ঘটনাৰ সম্পৰ্কে মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙে চিবিআইক হস্তান্তৰ কৰাৰ পৰামৰ্শ দিয়ে(Viral Video Of Kuki Man’s Body Being Set On Fire Sparks Outrage) ।
ইতিমধ্য়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে ৰাজ্যখনৰ কেইবাটাও হিংসাত্মক ঘটনাৰ তদন্ত চলাই আছে ৷ মহিলাৰ পেৰেডৰ ঘটনাৰো তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে ।
দেওবাৰে এই ভিডিঅ’ পোহৰলৈ অহাৰ পাছতেই চুৰাচান্দপুৰৰ জনজাতীয় সংগঠন ‘ইণ্ডিজিনিয়াছ ট্ৰাইবেল লীডাৰ্চ ফ’ৰামে’ (ITLF) এই ঘটনাক গৰিহণা দিয়ে ।
লগতে পঢ়ক :Bamboo bridge at Mangaldoi : এখন দলঙে উদঙাইছে শাসনাধিষ্ঠ চৰকাৰৰ উন্নয়নৰ নমুনা