Local, Vocal, Global

New Guidelines for SEBA HSLC 2025 Announced : ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ছেবাই জাৰি কৰিলে নতুন নিৰ্দেশনা

নিউজ ডেস্ক,২৮ এপ্ৰিল : HSLC ২০২৫ৰ বাবে ছেবাৰ নতুন নিৰ্দেশনা। সেই অনুসৰি ২০২৫ ৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪ টা বিষয়ত থাকিব OMR প্রশ্নকাকত।

চলিত বছৰৰ পৰা নৱম শ্রেণীত সংযোজন হ’ব এটা নতুন ঐচ্ছিক বিষয়। নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব নতুন ইলেক্টিভ ছাবজেক্ট আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু ৰব’টিকছ(New Guidelines for SEBA HSLC 2025 Announced )।

পৰীক্ষাত শিক্ষাৰ্থীসকলে MCQ, বৰ্ণনামূলক দুয়োটা বিষয়তে উত্তীৰ্ণ হ’ব লাগিব। এতিয়াৰে পৰা প্ৰেক্টিকেল পৰীক্ষা অনুষ্ঠিত কৰিব জিলা পৰ্যায়ৰ ইণ্টাৰনেল এক্সামিনেচন কমিটীয়ে।

ইংৰাজী আৰু অন্যান্য ভাষাৰ বিষয়ৰ প্রশ্নবোৰ নিৰ্ধাৰিত পাঠ আৰু বিষয়ৰ ওপৰতহে থাকিব। বিজ্ঞান আৰু গণিতৰ প্রশ্ন কেৱল পাঠ্যপুথিৰ পৰাই নিৰ্ধাৰিত নহ’ব। সম্পূৰ্ণ বিষয়বস্তুৰ ওপৰত অধ্যয়ন থাকিব লাগিব শিক্ষাৰ্থীৰ। বৃত্তিমূলক বিষয়কে ধৰি অন্যান্য বিষয়ৰ প্রশ্নৰ আৰ্হিও সলনি হ’ব নতুন ৰাষ্ট্ৰীয় শীক্ষা নীতি অনুসৰি।

লগতে পঢ়ক : Amit Shah to hold mega road show in Guwahati on April 29 : অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে গুৱাহাটী মহানগৰত জাৰি কৰা হৈছে কেইবাটাও নিষেধাজ্ঞা