New feat of bihar Education Department : জন্ম তাৰিখ ৩০ ফেব্ৰুৱাৰী ! বিদ্যালয় কৰ্তৃপক্ষৰ ভুলৰ বাবে কোনো বিদ্যালয়ত নামভৰ্তি হোৱা নাই ছাত্ৰৰ
নেশ্যনেল ডেস্ক, ২১ জুলাই : এক আশ্চৰ্যজনক পৰিঘটনা । বিহাৰৰ জামুই জিলাৰ চকাই ব্লক এলেকাৰ এখন চৰকাৰী বিদ্যালয়ত ভুলকৈ চৰকাৰী নথিত অমন কুমাৰ নামৰ এজন ছাত্ৰৰ জন্ম তাৰিখ ২০০৯ চনৰ ৩০ ফেব্ৰুৱাৰী বুলি লিপিবদ্ধ কৰা হয়(New feat of bihar Education Department)।তেতিয়াৰ পৰা অমন কুমাৰে নৱম শ্ৰেণীত নামভৰ্তি লাভ কৰাত অসুবিধাৰ সন্মুখীন হৈছে।
এই অস্বাভাৱিক ঘটনাৰ বাবে পুনৰ চৰ্চা লাভ কৰিছে বিহাৰৰ শিক্ষা বিভাগে । শেহতীয়াকৈ অষ্টম শ্ৰেণীত উত্তীৰ্ণ হোৱা অমন কুমাৰ নামৰ এজন ছাত্ৰক কেন্দ্ৰ কৰি ঘটনাটো পোহৰলৈ আহিছে । অষ্টম মান পাছ কৰি বিদ্যালয় এৰি যোৱাৰ পৰিকল্পনা কৰিছিল অমনে । সেইবাবেই তেওঁ বিদ্যালয়ত বদলিৰ পত্ৰ আবেদন কৰিছিল। ছাত্ৰ জনৰ বদলিৰ প্ৰমাণ পত্ৰত ছাত্ৰজনৰ জন্ম তাৰিখটো কৰ্তৃপক্ষই ৩০ ফেব্ৰুৱাৰী ২০০৯ বুলি লিখিছে(February 30 as student’s date of birth)। বিষয়টো পোহৰলৈ অহাৰ লগে লগে পুনৰ প্ৰশ্নৰ আওতালৈ আহিল শিক্ষা বিভাগ।
কেৱল সেয়াই নহয়, বিদ্যালয় কৰ্তৃপক্ষৰ এই ভুলে ছাত্ৰজনৰ নাম ভৰ্তিৰ প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি কৰিছে । সূত্ৰৰ পৰা জানিব পৰা মতে, বদলিৰ প্ৰমাণ পত্ৰখনত থকা ভুল জন্ম তাৰিখৰ বাবেই ছাত্ৰজনে আন কোনো ঠাইত নামভৰ্তি কৰিব পৰা নাই ।
প্ৰমাণ পত্ৰখনত ‘৩০ ফেব্ৰুৱাৰী, ২০০৯’ তাৰিখ দেখি বিচলিত হৈ পৰিছে অমন কুমাৰৰ পৰিয়াল । ছাত্ৰ অমনৰ পিতৃ ৰাজেশ যাদৱে কয় যে নৱম শ্ৰেণীত নামভৰ্তিৰ অন্তিম তাৰিখ আছিল ১৪ জুলাই । শিশুৰ জন্ম তাৰিখৰ অমিলৰ বাবে এইবাৰ নৱম শ্ৰেণীত নামভৰ্তি লাভ কৰিব নোৱাৰিলে অমনে ।
এই সন্দৰ্ভত ৰাজেশ যাদৱে লগতে কয় যে মই যেতিয়া মোৰ ল’ৰাক নাম ভৰ্তি কৰিবলৈ স্থানীয় হাইস্কুল এখনত গৈছিলো তেতিয়া প্ৰধান শিক্ষকে তেওঁক নাম ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ মোক প্ৰমাণ পত্ৰখন সংশোধন কৰিবলৈ ক’লে। তেতিয়াৰ পৰাই স্কুলখনলৈ গৈছোঁ যদিও কোনো ফল নাপালোঁ। পিতৃয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক ভুল জন্ম তাৰিখ শুধৰণি কৰিবলৈ একাধিক আবেদন জনাইছে ।, কিন্তু তেওঁলোকৰ অনুৰোধত যথেষ্ট পলমৰ সন্মুখীন হৈছে । প্ৰধান শিক্ষকে কিছুমান অনুষ্ঠানত প্ৰয়োজনীয় ছীলৰ সন্দৰ্ভত পাহৰি যোৱাৰ উদাহৰণ দিয়ে ।
মন কৰিবলগীয়া যে সমগ্ৰ ঘটনাত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে জিলা শিক্ষা বিষয়া কপিল দেৱ তিৱাৰীয়ে। বিষয়টো বিবেচনা কৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ পৰা স্পষ্টীকৰণ বিচৰা হৈছে বুলিও তেওঁ কয়।
লগতে পঢ়ক : Woman molested on flight : ইণ্ডিগো বিমানত মহিলাক নিৰ্যাতনৰ ঘটনা, অভিযুক্তক গ্ৰেপ্তাৰ