Local, Vocal, Global

New Dress Code For Ayodhya Ram Mandir Priests, Mobiles Banned : অযোধ্যাৰ ৰাম মন্দিৰত পুৰোহিত সকলে ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন

নিউজ ডেস্ক,২জুন : অযোধ্যাৰ ৰাম মন্দিৰত এণ্ড্ৰইড ফোন ব্যৱহাৰত নিষেধাজ্ঞা । পুৰোহিত সকলেও ব্যৱহাৰ কৰিব নোৱাৰিব এণ্ড্ৰইড ফোন । দৰ্শনাৰ্থীৰ পিচত এইবাৰ পুৰোহিতসকলকো ৰাম মন্দিৰলৈ স্মাৰ্ট ফোন নিয়াত নিষেধাজ্ঞা আৰোপ কৰিছে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে(New Dress Code For Ayodhya Ram Mandir Priests, Mobiles Banned)।

ইয়াৰোপৰি পুৰোহিতসকল প্ৰদান কৰিছে কিছুমান বিশেষ নিৰ্দেশনা । নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা পুৰোহিতসকলে বিশেষ সাজ-পোচাক পৰিধান কৰি মন্দিৰলৈ আহিব লাগিব । মন্দিৰত প্ৰৱেশ কৰাৰ আগতে পূজাৰীয়ে হালধীয়া ৰঙৰ কুৰ্তা, ধূতি আৰু পাগুৰি পৰিধান কৰিব লাগিব। ইতিমধ্যে সকলো পুৰোহিতক আই ডি কাৰ্ডো প্ৰদান কৰা হৈছে।

তথ্য অনুসৰি, সোমবাৰৰ পৰা ৰাম মন্দিৰত পুৰোহিতৰ সংখ্যা বৃদ্ধি কৰা হৈছে। ৰামক ভাগে ভাগে সেৱা আগবঢ়াব ২৬ জন পুৰোহিতে। লগতে ২১ জন নতুনকৈ প্ৰশিক্ষণপ্ৰাপ্ত পুৰোহিতক পূজাৰ কাৰ্যত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে গঠন কৰা ধৰ্মীয় সমিতিয়ে(New Dress Code for Ayodhya Ram Mandir Priests, Mobiles Banned)।

লগতে পঢ়ক : Kaziranga National Park Flooded: বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান;বানত প্লাৱিত ৯৫টা বন শিবিৰ এলেকা