মেট্ৰিকৰ MIL পৰীক্ষাৰ নতুন দিন ঘোষণা;ছেবাই ঘোষণা কৰিলে পৰীক্ষাৰ দিন
ডিজিটেল ডেস্ক:-ছেবাই ঘোষণা কৰিলে মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষাৰ নতুন দিন। ১ এপ্ৰিলত অনুষ্ঠিত হ’ব এই পৰীক্ষা।বাতিল কৰা অসমীয়া বিষয়ৰ পৰীক্ষা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব।প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাতিল কৰা হৈছিল মাতৃভাষা বিষয়ৰ পৰীক্ষা।১৮ মাৰ্চত আছিল এই বিষয়ৰ পৰীক্ষা।
১৮ মাৰ্চত হ’বলগীয়া MILৰ বাতিল হোৱা পৰীক্ষা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব বুলি জনাইছে ছেবা কৰ্তৃপক্ষই। টুইটাৰযোগে এই কথা জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে MILৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্তৰ কথা ছচিয়েল মিডিয়াযোগে সদৰি কৰিছিল। লগতে পৰীক্ষাৰ নতুন দিন শীঘ্ৰে ঘোষণা কৰা হ’ব বুলি কোৱা হৈছিল। আজি ছেবাই ঘোষণা কৰে এই পৰীক্ষাৰ নতুন তাৰিখ।