Local, Vocal, Global

New Born Baby Rescued in Titabor : পাষাণ লোকৰ নিকৃষ্ট কাণ্ড ! চাহ বাগিচাত উদ্ধাৰ নৱজাতক

নিউজ ডেস্ক,২৮এপ্ৰিল : এক হৃদয়বিদাৰক ঘটনা । পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল( New Born Baby Rescued in Titabor)।

তিতাবৰত সংঘটিত হৈছে মানৱতা ভূ-লুণ্ঠিত হোৱা এক ঘটনা। তিতাবৰৰ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ এটি নৱজাতক।

জানিব পৰা মতে তিতাবৰৰ টাইৰুণ চাহ বাগিচা চিকিৎসালয়ৰ পিছফালে থকা হাবিতলীয়া এদখৰ ঠাইত উদ্ধাৰ হয় নৱজাতকটি। স্থানীয় এগৰাকী মহিলাই উক্ত ঠাইত কান্দোন শুনা পাই বিচাৰোঁতে নৱজাতকটি উদ্ধাৰ কৰে আৰু চিকিৎসাললৈ লৈ আহে(New Born Baby Rescued in Titabor)।

অবৈধ মাতৃত্বৰ বোজা আঁতৰাবলৈকে ল’ৰা নৱজাতকটিক এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। ইতিমধ্যে স্থানীয় লোক আৰু বান্দৰচলিয়া আৰক্ষীৰ তৎপৰতাত নৱজাতকটিক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। সম্প্ৰতি সভ্য সমাজক লজ্জানত কৰা ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক : New Guidelines for SEBA HSLC 2025 Announced : ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ছেবাই জাৰি কৰিলে নতুন নিৰ্দেশনা