Local, Vocal, Global

New Born Baby Rescued in Jorhat : যোৰহাটৰ DCB কলেজৰ ছাত্ৰী হোষ্টেলৰ কাষত উদ্ধাৰ নৱজাতক

যোৰহাট,১৩ আগষ্ট : এক হৃদয়বিদাৰক ঘটনা । পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল( New Born Baby Rescued in Jorhat)।

যোৰহাটত সংঘটিত হৈছে মানৱতা ভূ-লুণ্ঠিত হোৱা এক ঘটনা। যোৰহাটৰ DCB কলেজৰ ছাত্ৰী হোষ্টেলৰ কাষত উদ্ধাৰ এটি নৱজাতক।

শৈক্ষিক নগৰী যোৰহাটত নিৰ্লজ্জ ঘটনা ।

জানিব পৰা মতে,স্থানীয় ৰাইজে সোমবাৰে সন্ধিয়া শিশুটিৰ কান্দোন শুনি খবৰ দিয়ে আৰক্ষীক । আৰক্ষীয়ে ছাত্ৰী হোষ্টেলৰ গেটৰ কাষৰ পৰা নৱজাতকটিক উদ্ধাৰ কৰি JMCH ত ভৰ্তি কৰাই ।

নৱজাতকটি সোমবাৰে জন্মগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

বৰ্তমান JMCH ত উপস্থিত হৈছে শিশু সুৰক্ষা বিভাগৰ লোক( New Born Baby Rescued in Jorhat)।

লগতে পঢ়ক : Indian Army honours Mirabai Chanu for fine performance in Paris Olympics : টকিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰা মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানুক ভাৰতীয় সেনাৰ সন্মান