Local, Vocal, Global

New Born Baby Rescued in Jorhat : পাষাণ লোকৰ নিকৃষ্ট কাণ্ড !ককিলা মুখ মথাউৰিৰ সমিপত উদ্ধাৰ নৱজাতক

যোৰহাট, ২১ ফেব্ৰুৱাৰী : এক হৃদয়বিদাৰক ঘটনা । পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল( New Born Baby Rescued in Jorhat)।

যোৰহাটত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এটা ঘটনাৰ । যোৰহাটত পৰি থকাৰ অৱস্থাত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ । বুধবাৰে সংঘটিত হয় এই ঘটনাটো (New Born Baby Rescued)।

যোৰহাট ককিলা মুখত উদ্ধাৰ নৱজাতকটিৰ মৃতদেহটো । ককিলা মুখ মথাউৰিৰ সমিপত উদ্ধাৰ হৈছে নৱজাতকটিৰ মৃতদেহটো ।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

বৰ্তমানলৈ নৱজাতকৰ মৃতদেহটো কোনে কি কাৰণত পেলাই থৈ গ’ল, সেয়া স্পষ্ট হোৱা নাই যদিও কোনো পাষান পিতৃ মাতৃয়ে এই নৃশংস ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

লগতে পঢ়ক : Greek PM Kyriakos Mitsotakis and his wife visit Raj Ghat : ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ গ্ৰীচ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নী মাৰেভা গ্ৰাবস্কিৰ