Local, Vocal, Global

New Born Baby Rescued : পাষাণ লোকৰ নিকৃষ্ট কাণ্ড ! পথৰ কাষত মোনাত ভৰাই পেলাই থৈ গ’ল নৱজাতকক

যোৰহাট, ১৪নৱেম্বৰ : এক হৃদয়বিদাৰক ঘটনা । পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল(Abandoned New Born Baby Rescued in Jorhat)।

যোৰহাটত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এটা ঘটনাৰ । যোৰহাট চহৰৰ তৰাজান কাকতিগাঁও সেউজ নগৰত পথৰ কাষত পৰি থকাৰ অৱস্থাত উদ্ধাৰ হৈছে এটি নৱজাতক । মঙলবাৰে পুৱা সংঘটিত হয় এই ঘটনাৰ (New Born Baby Rescued)।

উল্লেখ্য যে, মঙলবাৰে পুৱা এটা বাসগৃহৰ দেৱালৰ বাহিৰত পথৰ কাষত এটা মোনাত ভৰাই পেলাই থৈ গৈছিল নৱজাতক ল’ৰা শিশুটিক। বস্তাৰে মেৰিয়াই থোৱা নৱজাতকটিৰ মুখখন কাপোৰেৰে ঢাকি থোৱা অৱস্থাত আছিল। পুৱা সমীপৰ বাসিন্দাই নৱজাতকটিৰ কান্দোন শুনা পাই আৰু চাৰিওফালে অনুসন্ধান কৰাত নৱজাতকটি প্ৰত্যক্ষ কৰে ।

ইতিমধ্যে আৰক্ষীৰ লগতে জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ বিষয়া উপস্থিত হৈ সমগ্ৰ বিষয়টো তদাৰক কৰিছে। স্থানীয় লোকৰ তৎপৰতাত নৱজাতকটিক JMCHত ভৰ্ত্তি কৰা হৈছে ।

লগতে পঢ়ক : Deadbody recovered in Lakhimpur : দীপাৱলীৰ আনন্দ উল্লাহৰ মাজতে ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ