Local, Vocal, Global

New Born Baby Found Dead : ভূলুণ্ঠিত মানৱতাঃ বাহিনী নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

নিউজ ডেস্ক,১০ জুন : এক হৃদয়বিদাৰক ঘটনা । পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল।

মহানগৰীত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনাৰ । মহানগৰীত উদ্ধাৰ এটি মৃত নৱজাতক । মহানগৰীৰ ভেটাপাৰাত উদ্ধাৰ হয় নৱজাতকটিৰ মৃতদেহটো ।

উল্লেখ্য যে, সোমবাৰে ভেটাপাৰাৰ বস্তাত ভৰাই পেলাই দিয়ে নৱজাতকটিক । বাহিনী নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। শৰাইঘাট হাউছিং কমপ্লেক্সৰ সন্মুখত উদ্ধাৰ হয় মৃতদেহটো(New Born Baby Found Dead)।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীৰ খবৰ দিয়ে আৰু ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভ তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক : Majuli Boat Accident : অৱশেষত উদ্ধাৰ হ’ল উৎপল শইকীয়াৰ মৃতদেহ