Local, Vocal, Global

WATCH | New Born Baby Dead Body Found : পাষাণ লোকৰ নিকৃষ্ট কাণ্ড !মোনাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

যোৰহাট,১৯মাৰ্চ : এক হৃদয়বিদাৰক ঘটনা । পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল।

শৈক্ষিক নগৰী যোৰহাটত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এটা ঘটনাৰ(New Born Baby Dead Body Found) ।

যোৰহাট বাইপাছৰ ভোগদৈ দলঙৰ সমীপৰ পূব নকৰিত উদ্ধাৰ মৃত নৱজাতক । মোনাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ নৱজাতকটিৰ মৃতদেহ ।

স্থানীয় লোকৰ‌ খবৰৰ ভিত্তিত ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু এটা আৰক্ষী দল উপস্থিত হৈ নৱজাতক শিশুটি মৃত অৱস্থাত উদ্ধাৰ কৰে।

বৰ্তমানলৈ নৱজাতকৰ মৃতদেহটো কোনে কি কাৰণত পেলাই থৈ গ’ল, সেয়া স্পষ্ট হোৱা নাই যদিও কোনো পাষান পিতৃ মাতৃয়ে এই নৃশংস ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। এনেকুৱা অমানৱীয় কাৰ্যক সচেতন ৰাইজে তীব্ৰ গৰিহণা দিয়ে।

লগতে পঢ়ক : WATCH | Mushalpur News : অসম আৰক্ষীৰ কনিষ্টবল পদৰ নিযুক্তি পৰীক্ষাত সংঘটিত হৈছে অনিয়ম