New Born Baby Dead Body Found : ভূলুণ্ঠিত মানৱতাঃ কাৰ্টুনৰ ভিতৰত উদ্ধাৰ মৃত নৱজাতক
কৰিমগঞ্জ,২৬আগষ্ট : এক হৃদয়বিদাৰক ঘটনা । পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল(New Born Baby Dead Body Found)।
কৰিমগঞ্জত উদ্ধাৰ নৱজাতকৰ মৃতদেহ। কৰিমগঞ্জৰ কাঁকড়া নৈত উদ্ধাৰ হয় মৃত নৱজাতকটো । কাৰ্টুনৰ ভিতৰত কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ।
জানিব পৰা মতে, কাৰ্টুনত মেৰুৱাই থোৱা অৱস্থাত মাছমৰীয়া সকলে প্ৰত্যক্ষ কৰিছিল । লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ।
আৰক্ষীয়ে মৃত নৱজাতকটো উদ্ধাৰ কৰে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । আৰক্ষীৰ তদন্ত অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা কাৰণ(New Born Baby Dead Body Found)।
লগতে পঢ়ক : Drugs seized in kachar : কাছাৰত জব্দ ৩০কেজি গাঞ্জা