New Born Baby Dead Body Found : ভূলুণ্ঠিত মানৱতাঃ কাৰ্টুনৰ ভিতৰত উদ্ধাৰ মৃত নৱজাতক

দলগাঁও, ১ জানুৱাৰী : এক হৃদয়বিদাৰক ঘটনা ।পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল(New Born Baby Dead Body Found)।
দলগাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এটা ঘটনাৰ । দলগাঁৱৰ পানিডোঙত কাৰ্টুনৰ ভিতৰত উদ্ধাৰ এটি মৃত নৱজাতক । বছৰৰ প্ৰথম দিনটোতে এনে নিকৃষ্ট ঘটনা চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দৰঙত ।
উল্লেখ্য যে সোমবাৰে দলগাঁৱৰ পানিডোঙত এটা কাৰ্টুনৰ ভিতৰত উদ্ধাৰ এটি মৃত নৱজাতক। কোনো অচিনাকি ব্যক্তিয়ে কাৰ্টুনত ভৰাই পেলাই থৈ গ’ল নৱজাতকটিত।
এই ঘটনা পোহৰলৈ অহাৰ লগে লগে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীৰ খবৰ দিয়ে আৰু ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষী খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভ তদন্ত আৰম্ভ কৰে ।
ইফালে ঘটনা সন্দৰ্ভত গাওঁ প্ৰধানে সন্দেহ কৰা অনুসৰি এয়া অবৈধ সম্পৰ্কৰ পৰিণতি(Newborn Body Found) ।
এতিয়া প্ৰশ্ন হয় আচলতে কিমান নিষ্ঠুৰ হ’লে জীৱশ্ৰেষ্ঠ মানৱে এনে ঘটনা সংঘটিত কৰিব পাৰে ।
লগতে পঢ়ক :7.6 Magnitude Earthquake Hits Japan : জাপানত ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি; চুনামীৰ সতৰ্কবাণী জাৰি