Local, Vocal, Global

Nepal plane crash : নেপালৰ কাঠমাণ্ডুত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা

নিউজ ডেস্ক,২৪জুলাই : নেপালৰ কাঠমাণ্ডুত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। বুধবাৰে নেপালৰ কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা সূৰ্য এয়াৰলাইনছৰ এখন বিমান উৰণৰ কিছু সময় পিছতে দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত জ্বলি উঠে বিমানখন।মুহূৰ্তৰ ভিতৰতে জুই-ক’লা ধোঁৱাই ছানি ধৰে বিমানখন। বুধবাৰে পুৱা প্ৰায় ১১মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো(Nepal plane crash) ।

দুৰ্ঘটনাত নিহত হয় ১৮জনৰ।নিহত আটাইকেইগৰাকী যাত্ৰী আছিল সৌৰ্য এয়াৰলাইনছৰ কাৰিকৰী বিভাগৰ কৰ্মচাৰী।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ আৰম্ভ হয় উদ্ধাৰ অভিযান। বিমান চালকৰ লগতে কেইবাজনকো উদ্ধাৰ কৰা হৈছে।

জানিব পৰা মতে, বিমান চালক মনীষ শাক্যক জীৱন্তে উদ্ধাৰ কৰা হয় আৰু তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

লগতে পঢ়ক :Tragic Road Accident in Tinsukia : বলেৰ’ পিকআপ বাহনৰ খুন্দাত নিহত দশম শ্ৰেণীৰ ছাত্ৰ