Local, Vocal, Global

Nepal plane crash : ভয়ংকৰ বিমান দুৰ্ঘটনা;মুহূৰ্ততে ক’লা ধোঁৱাই ছানি ধৰে বিমান,নিহত ১৯জন

নিউজ ডেস্ক,২৪জুলাই : এক ভয়ংকৰ বিমান দুৰ্ঘটনা । দুৰ্ঘটনাত বৰ্তমানলৈ নিহত ১৮জন ।

নেপালৰ কাঠমাণ্ডুত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। বুধবাৰে নেপালৰ কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা সূৰ্য এয়াৰলাইনছৰ এখন বিমান উৰণৰ কিছু সময় পিছতে দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত জ্বলি উঠে বিমানখন।মুহূৰ্তৰ ভিতৰতে জুই-ক’লা ধোঁৱাই ছানি ধৰে বিমানখন। বুধবাৰে পুৱা প্ৰায় ১১মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো(Nepal plane crash) ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ আৰম্ভ হয় উদ্ধাৰ অভিযান। বিমান চালকৰ লগতে কেইবাজনকো উদ্ধাৰ কৰা হৈছে।

জানিব পৰা মতে, বিমান চালক মনীষ শাক্যক জীৱন্তে উদ্ধাৰ কৰা হয় আৰু তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে

ছাউথ এছিয়া টাইমৰ প্ৰতিবেদন অনুসৰি এই দুৰ্ঘটনাত ১৯ জনৰ ভিতৰ ১৮জনৰ মৃত্যু হয়।আটাইকেইগৰাকী যাত্ৰী আছিল সৌৰ্য এয়াৰলাইনছৰ কাৰিকৰী বিভাগৰ কৰ্মচাৰী।

লগতে পঢ়ক : Japanese Encephaliti : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে