Local, Vocal, Global

WATCH | Nehru death anniversary: আজি ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৬১ তম মৃত্যু বাৰ্ষিকী

নিউজ ডেস্ক,২৭মে’ : আজি ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৬১ তম মৃত্যু বাৰ্ষিকী ৷ মঙলবাৰে কংগ্ৰেছ নেতাসকলে নতুন দিল্লীৰ শান্তি ভানত থকা স্মৃতিসৌধত উপস্থিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Congress pays tribute to former PM Jawaharlal Nehru on his 61th death anniversary) ৷

সমাধিস্থলীত আজি পুৱাই কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী উপস্থিত হৈ শ্ৰদ্ধঞ্জলি নিবেদন কৰে।

উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা স্বাধীনতা সংগ্ৰামী জৱাহৰলাল নেহৰুৱে ১৯৪৭ চনত স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হয় । নেহৰুৱে ১৬ বছৰতকৈও অধিক সময় মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল ৷ ১৯৬৪ চনৰ ২৭ মে’ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

তেওঁৰ পিছত, লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে । শিশুৰ প্ৰতি থকা নেহৰুৰ মৰমৰ বাবে তেওঁক ‘চাচা নেহৰু’ বুলিও কোৱা হৈছিল ৷ ১৪ নৱেম্বৰত তেওঁৰ জন্ম জয়ন্তীৰ দিনটো ভাৰতত প্ৰতি বছৰে শিশু দিৱস হিচাপেও পালন কৰা হয়(Nehru death anniversary) ।

লগতে পঢ়ক : WATCH | COVID-19 Cases in India: দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিড সংক্রমণ