NEET UG Result 2024 : NEET-UG ফলাফল ঘোষণা; পৰিৱৰ্তন হ’ল হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ স্থান
নিউজ ডেস্ক,২৭জুলাই : NEET-UG ফলাফল ঘোষণা । পৰিৱৰ্তন হ’ল হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ স্থান(NEET UG Result 2024) ।
বিতৰ্কত NEET-UG পৰীক্ষাৰ ফলাফল । তাৰ মাজতে সংশোধিত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ল ।
ফলাফলত হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ স্থান পৰিৱৰ্তন। পূৰ্বৰ ৬১ গৰাকীৰ পৰিৱৰ্তে ১৭ গৰাকী প্ৰাৰ্থীৰ শীৰ্ষস্থান লাভ। পৰিৱৰ্তন হ’ল হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ স্থান।
ৰাজস্থানৰ ৪, মহাৰাষ্ট্ৰৰ ৩, দিল্লী-উত্তৰ প্ৰদেশৰ দুজনকৈ প্ৰাৰ্থীৰ শীৰ্ষস্থান লাভ। শীৰ্ষস্থান লাভ কেৰালা, চণ্ডীগড়, তামিলনাডু, পঞ্জাৱ, বিহাৰ, পশ্চিমবংগৰ প্ৰাৰ্থীৰ।
উল্লেখ্য যে, ৫ মে’ত অনুষ্ঠিত NEET-UG পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল ৪ জুনত। তাৰ পাছতে উঠিছিল বিসংগতিৰ অভিযোগ। প্ৰশ্নকাকত ফাদিলৰ অভিযোগত জনোৱা হৈছিল পুনৰ পৰীক্ষাৰ দাবী ৷ কিন্তু সেয়া মানি লোৱা নাছিল উচ্চতম ন্যায়ালয়ে। ফলত প্ৰকাশ কৰা হ’ল সংশোধিত ফলাফ(NEET UG Revised results out, 17 candidates secure Rank 1)৷
লগতে পঢ়ক : Tragic Road Accident : বলেৰ’ পিকআপ ভানত খুন্দা যাত্ৰীবাহী আলট্ৰা বাছৰ