Local, Vocal, Global

Kota suicide: NEET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীয়ে ল’লে চৰম পন্থা

নেশ্যনেল ডেস্ক, ১৪ছেপ্টেম্বৰ : আত্মহত্যা জানো শেষ উপায় । প্ৰায় প্ৰতিদিনেই আমি আত্মহত্যাৰ খবৰৰ শুনিবলৈ পাঁও। কোনোবাই যদি পঢ়াৰ চাপ, কোনোবাই প্ৰেমজনিত কাৰণ বা অন্য কাৰণত পৰি এই চৰম পন্থা বাছি লোৱা দেখা যায়। পুনৰ শিক্ষাৰ্থী আত্মহত্যা(Student suicide)।

এইবাৰ ৰাজস্থানৰ শিক্ষাৰ্থীৰ আত্মহত্যা(Kota suicide) । NEET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীয়ে ল’লে চৰম পন্থা ।

উল্লেখ্য যে, ঝাৰখণ্ডৰ এগৰাকী NEET প্ৰত্যাশীয়ে ৰাজস্থানৰ বিজ্ঞান নগৰ অঞ্চলৰ হোষ্টেলৰ কোঠাত আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি শিক্ষাৰ্থীগৰাকীয়ে NEET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল । মঙলবাৰে শিক্ষাৰ্থী গৰাকীক তেওঁৰ হোষ্টেলৰ কোঠাত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ আৰু তাৰ পিছত শিক্ষাৰ্থী গৰাকীক চিকিৎসাললৈ লৈ যোৱা হয়(NEET aspirant from Jharkhand kills self in Kota) ।

বিজ্ঞান নগৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক (এ এছ আই)ৰ সহকাৰী অমৰ চান্দে জানিবলৈ অনুসৰি , মঙলবাৰে নিশা প্ৰায় ১০.৩০ বজাত শিক্ষাৰ্থী গৰাকীক লৈ যোৱা ব্যক্তিগত চিকিৎসালয়ত তেওঁক মৃত বুলি ঘোষণা কৰে । ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা অহা শিক্ষাৰ্থী গৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল আৰু তেওঁৰ বয়স ১৬ বছৰ। শিক্ষাৰ্থী গৰাকী ৰাজস্থানৰ এখন কোচিং ইনষ্টিটিউটত নামভৰ্তি কৰিছিল ৷ চলিত বৰ্ষৰ আৰম্ভণিতে শিক্ষাৰ্থী গৰাকী কোটালৈ আহিছিল বুলিও তেওঁ কয়(Minor girl preparing for NEET dies by suicide in Kota) ৷

আৰক্ষী থানাৰ উপ-পৰিদৰ্শকজনে লগতে কয় যে শিক্ষাৰ্থী গৰাকীৰ কোঠাৰ পৰা কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই আৰু আৰক্ষীয়ে আত্মহত্যাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে এম বি এছ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ এয়া কোটাত ২৩ সংখ্যক কোচিং ইনষ্টিটিউটৰ ছাত্ৰই আত্মহত্যা কৰাৰ ঘটনা ৷আগতে প্ৰায় এনে ঘটনা সংঘটিত হৈ আহিছে কোটাত ।

উল্লেখ্য যে, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা পোন্ধৰগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিগত বছৰত কোটাত আত্মহত্যা কৰিছিল(NEET aspirant from Jharkhand kills self in Kota) ৷

লগতে পঢ়ক :US Shooting : বিদ্য়ালয়ত গুলীচালনাৰ ঘটনা,গুলীচালনাৰ ফলত নিহত এজন ছাত্ৰ, আহত দুজন