World Athletics Championships 2023 : পুনৰ ভাৰতৰ স্বৰ্ণজয়, বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ
ইণ্টাৰনেশ্যনেল ডেস্ক,২৮আগষ্ট : পুনৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই ৷ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বীপত স্বৰ্ণজয় নীৰজ চোপ্ৰাৰ (Neeraj Chopra)। ইতিহাস সৃষ্টিৰে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ নীৰজ চোপ্রাই স্বৰ্ণপদক দখল কৰে। বিশ্ব চেম্পিয়নশ্বিপত একাধিক পদক লাভ কৰি নীৰজে প্রথম ভাৰতীয় খেলুৱৈ হিচাপে কৃতিত্ব অৰ্জন কৰে(Neeraj Chopra wins gold )।
হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টৰ ফাইনেলত পাকিস্তানৰ আৰ্ছাদ নাদীমক পৰাজিত কৰে নীৰজে ৷ নাদীমক এক মিটাৰতকৈও কম ব্যৱধানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে । ৮৮.১৭ মিটাৰ জেভলিন নিক্ষেপ কৰি নীৰজ চোপ্রাই স্বৰ্ণ পদক দখল কৰে। ইফালে ৮৭.৮২ মিটাৰেৰে পাকিস্তানৰ নদীমে ৰূপৰ পদক লাভ কৰে(World Athletics Championships 2023)।
স্বৰ্ণজয়েৰে নতুন ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই। অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বীপত স্বৰ্ণপদ জয়ী ভাৰতৰ দ্বিতীয়জন খেলুৱৈ হ’ল নীৰজ চোপ্ৰা(Neeraj Chopra wins gold medal in World Athletics Championship 2023)।
ইয়াৰ পূৰ্বে ভাৰতৰ হৈ এই অভিলেখ ৰচিছিল অভিনৱ বিন্দ্ৰাই। প্ৰথম চেষ্টাত ফাউল কৰে নীৰজ চোপ্ৰাই। ইয়াৰ পিছত দ্বিতীয় চেষ্টাত তেওঁ ৮৮.১৭ মিটাৰ জেভলিন দলিয়াই। তৃতীয়বাৰ নীৰজ চোপ্ৰাই ৮৬.৩২ মিটাৰ পাৰ কৰে। জাৰ্মান তাৰকা জুলিয়ান ৱেবাৰে ৮৫.৭৯ মিটাৰ দূৰত্ব অতিক্ৰম কৰে। চতুৰ্থ প্ৰচেষ্টাত ৮৪.৬৪ মিটাৰ দলিয়ায় নীৰজে। পঞ্চম প্ৰচেষ্টা ৮৭.৭৩ মিটাৰ জেভলিন থ্ৰ’ কৰে ভাৰতৰ স্বৰ্ণপুত্ৰই। অন্তিম প্ৰচেষ্টাত ৮৩.৯৮ মিটাৰ দলিয়ায় নীৰজ চোপ্ৰাই।পাকিস্তানৰ তাৰকা আৰছাদ নাদিমে তৃতীয় প্ৰচেষ্টাত ৮৭.৮২ মিটাৰ পাৰ কৰিছিল। তেওঁ নীৰজৰ পিছতে আছিল সেই সময়ত। শেষতো নীৰজৰ পিছতে থাকে আৰছাদ।বিশ্ব এথলেটিকছ চেম্পিয়নশ্বীপত স্বৰ্ণজয় কৰি পুনৰ এবাৰ দেশক গৰ্বিত কৰিলে ভাৰতৰ নীৰজ চোপ্ৰাই । এতিয়া বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ হাতত আছে সকলো ৰঙৰ পদক(Neeraj Chopra wins gold medal in Men Javelin at the World Athletics Championship 2023) ।
লগতে পঢ়ক :Chandrayaan-3 : ভাৰতত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ ঘোষণা