Neeraj Chopra victory in Diamond League : দ্বিতীয়বাৰৰ বাবে ডাইমণ্ড লীগত খিতাপ অৰ্জন নীৰজ চোপ্ৰাৰ
স্পৰ্টছ ডেস্ক,১ জুলাই : শুকুৰবাৰে ২০২৩ চনৰ ৱাণ্ডা ডাইমণ্ড লীগৰ গ্ল’বেল ষ্টেজৰ ষষ্ঠ লেগত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় নীৰজ চোপ্ৰা(Neeraj Chopra victory in Diamond League) । একেৰাহে দুবাৰকৈ ডাইমণ্ড লীগত খিতাপ অৰ্জন নীৰজ চোপ্ৰাৰ(Neeraj Chopra victory in Diamond League) । সৰ্বাধিক ৮৭.৬৬ মিটাৰ থ্ৰ’ৰ সৈতে খেলুৱৈগৰাকীয়ে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়(Diamond League 2023)।
অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাৰ আন এক সফলতা(Neeraj Chopra victory in Diamond League) । লুচানৰ ডাইমণ্ড লীগত সোণৰ পদক লাভ কৰিছে ভাৰতৰ অলিম্পিক স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাই । ইয়াৰ আগতেও তেওঁ জয়ী হৈছে । এইবাৰ পুনৰ জয়ী হ’ল ।
টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজে এইবাৰ জেভেলিনত ৮৭.৬৬ মিটাৰ নিক্ষেপ কৰে ।
উল্লেখ্য যে নীৰজে আঘাতৰ বাবে কেইবাখনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা নাছিল । প্ৰায় এমাহৰ পিছত নামিছিল লুচানত । আৰু নামিয়েই দেশবাসীলৈ এই সুনাম কঢ়িয়াই আনিলে খেলুৱৈগৰাকীয়ে ।
বিগত বছৰত প্ৰথমবাৰৰ বাবে এই ডাইমণ্ড লীগত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক অৰ্জন কৰিছিল নীৰজ চোপ্ৰাই (Diamond League 2023)। একেৰাহে দ্বিতীয়টো পদক অৰ্জনৰ লগে লগে খেলুৱৈগৰাকীক আগন্তুক প্ৰতিযোগিতাৰ বাবে অধিক আত্মবিশ্বাসী কৰি তুলিব বুলি আশা কৰা হৈছে ।
উল্লেখ্য যে যোৱা মাহত নীৰজ চোপ্ৰাই প্ৰশিক্ষণৰ সময়তে পেশীজনিত সমস্যাত ভুগিছিল । যাৰ বাবে তেওঁ শীৰ্ষ তিনিটা ইভেণ্টত অংশগ্ৰহণ কৰিব পৰা নীছিল । কিন্তু আঘাতৰ পাছত উভতি আহিয়ে সৰ্বাধিক ৮৭.৬৬ মিটাৰ থ্ৰ’ৰ জৰিয়তে তেওঁ স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় । অৱশ্যে পঞ্চম প্ৰচেষ্টাত সেইয়া কৰে।
প্ৰতিযোগিতাখন তেওঁ ফাউলেৰে আৰম্ভ কৰে আৰু দ্বিতীয় প্ৰচেষ্টাত তেওঁ ৮৩.৫২ মিটাৰ থ্ৰ’ কৰিবলৈ সক্ষম হয় । তৃতীয় প্ৰচেষ্টাত তেওঁ ৮৫.০৪ মিটাৰ থ্ৰ’ কৰে । চতুৰ্থ ৰাউণ্ডত তেওঁ পুনৰ ফাউল কৰে । অৱশ্যে পঞ্চম ৰাউণ্ডত তেওঁ সৰ্বাধিক ৮৭.৬৬ মিটাৰ থ্ৰ’ কৰি পদক আজুঁৰিবলৈ সক্ষম হয় ।
আনহাতে অন্তিম ৰাউণ্ডত তেওঁ ৮৪.১৫ মিটাৰহে থ্ৰ’ কৰে । ইফালে জাৰ্মানীৰ জুলিয়ান ৱেবাৰ ৮৭.০৩ মিটাৰ সৰ্বাধিক থ্ৰ’ৰ সৈতে দ্বিতীয় স্থানত থাকে আৰু আনহাতে চেক গণৰাজ্যৰ জাকুব ভাডলেজচে ৮৬.১৩ মিটাৰ প্ৰচেষ্টাৰে তৃতীয় স্থানত থাকে ।
নিৰজ চোপ্ৰাই যোৱা বছৰ আগষ্টত তেওঁৰ প্ৰথম ডায়মণ্ড লীগ খিতাপৰ বাবে লাউচেন লেগত জয়ী হৈছিল । তাৰ এমাহ পাছতে তেওঁ গ্ৰেণ্ড ফাইনেলত ডায়মণ্ড লীগ ট্ৰফীও অৰ্জন কৰে ।
লগতে পঢ়ক : Maharashtra Bus Accident : ৰাজপথত জ্বলি ভস্মিভূত যাত্ৰীবাহী বাছ, ২৫ জনৰ মৃত্যু , ২ লাখ টকা সাহাৰ্য্য প্ৰদান