Local, Vocal, Global

জম্মু-কাশ্মীৰত দুটা পৃথক পথ দুৰ্ঘটনাত নিহত প্ৰায় ছয়জন লোক

নিউজ ডেস্ক, ৬ ছেপ্তেম্বৰ : সোমবাৰে জম্মু-কাশ্মীৰৰ ( Jammu and Kashmir ) ভাদাৰৱাহ ডোডা (Bhadarwah Doda )পথত দুটা পৃথক পথ দুৰ্ঘটনাত প্ৰায় ছয়জন লোক নিহত হৈছিল।

বাতৰি অনুসৰি, প্ৰথম দুৰ্ঘটনাটো দেওবাৰ আৰু সোমবাৰৰ মাজনিশা সংঘটিত হৈছিল য’ত দুজন লোক নিহত হৈছিল।

আনহাতে, সোমবাৰে ৰাতিপুৱা সংঘটিত আন এটা দুৰ্ঘটনাত আন চাৰিজনৰ মৃত্যু হয়।

ইয়াৰ পূৰ্বে, দুয়োজন আহত ব্যক্তিক চিকিৎসাৰ বাবে ডোডা চিকিৎসা মহাবিদ্যালয়লৈ (Doda ) লৈ যোৱা হৈছিল।

আৰক্ষীয়ে আৰু জনাইছিল যে প্ৰথমে, তেওঁলোকৰ এজন সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছিল। তেওঁলোকক বিচাৰি উলিওৱাৰ বাবে এটা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছিল আৰু এতিয়া অভিযান সম্পূৰ্ণ হৈছে।

এছএছপি ডোডা আব্দুল কাইয়ুমে (SSP Doda Abdul Qayoom) সোমবাৰে কয়, “ভাদাৰৱাহ ডোডা পথত দুটা দুৰ্ঘটনা সংঘটিত হৈছিল। মাজনিশা সংঘটিত প্ৰথম দুৰ্ঘটনাটোত দুজন লোকৰ মৃত্যু হৈছিল আৰু কালি ৰাতিপুৱা সংঘটিত দ্বিতীয়টোত চাৰিজন লোকৰ মৃত্যু হৈছিল। সন্ধানহীন ব্যক্তিজনৰ সন্ধান অভিযান সম্পূৰ্ণ হৈছে।”