এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সেনাধ্যক্ষ ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড

নিউজ ডেস্ক : ২০০৮ চনৰ ৰাজ্য জোকাৰি যোৱা ধাৰাবাহিক বিস্ফোৰণৰ গোচৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
৩০ অক্টোবৰৰ ধাৰাবাহিক বিষ্ফোৰণৰ মূলদোষী তথা এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সেনাধ্যক্ষ ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
আনহাতে, আদালতে গোচৰটোৰ আন নজন অভিযুক্তৰ শাস্তি বাহাল ৰাখিছে। আৰু আন চাৰিজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছে।
উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে, অল বড়ো ষ্টুডেণ্টছ ইউনিয়নে (এবিএছইউ) এনডিএফবিৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জন দৈমাৰীক সোনকালে মুক্তি দিয়াৰ দাবী জনাইছিল।
২০০৮ চনৰ ৩০ অক্টোবৰত গনেশগুৰিকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণত অভিযুক্ত আছিল ৰঞ্জন দৈমাৰী।