Local, Vocal, Global

NCP factional war: প্ৰতিদ্বন্দ্বী দুয়োটা গোটে শক্তি প্ৰদৰ্শনৰ বাবে সমান্তৰালকৈ বৈঠক অনুষ্ঠিত কৰাৰ লগে লগে গভীৰ সংকটত এনচিপি

নেশ্যনেল ডেস্ক, ৫ জুলাই: নিজৰ নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে বুধবাৰে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ দুয়োটা গোটে একেলগে সভা অনুষ্ঠিত কৰাৰ পিছতেই দলটোৰ মাজত সংকট বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিল (Crisis in Nationalist Congress Party) ।

শাৰদ পাৱাৰ নেতৃত্বাধীন(NCP led by Sharad Pawar) এন চি পিৰ সদস্যসকলৰ বৈঠকখন মুম্বাইৰ ৱাই বি চাভান অডিটৰিয়ামত অনুষ্ঠিত হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ(Maharashtra Deputy Chief Minister Ajit Pawar)ৰ নেতৃত্বত বান্দ্ৰাস্তিত মুম্বাই এডুকেচন ট্ৰাষ্ট(Mumbai Education Trust)ত এন চি পিৰ সাংসদ, বিধায়ক, এম এল চি, জিলা সভাপতি আৰু ৰাজ্যিক প্ৰতিনিধিবৰ্গই আনখন বৈঠকত অংশগ্ৰহণ কৰিছে ।

ৱাই বি চাভান অডিটৰিয়ামত অনুষ্ঠিত হোৱা বৈঠকখনৰ মঞ্চত শাৰদ পাৱাৰৰ এখন ফটো লগাই ৰখা পৰিলক্ষিত হয় । ইফালে অজিত পাৱাৰৰ নেতৃত্বত গঠিত গোটটোৱেও তেওঁলোকৰ নেতাসকলৰ লগতে শাৰদ পাৱাৰৰ এখন ফটো স্থাপন কৰাৰ লগতে দলৰ নিৰ্বাচনী প্ৰতীক ‘ঘড়ী’টোক নিৰ্দিষ্ট স্থানত ৰাখে ।

দুয়োটা গোটে দলটোৰ ওপৰত নিজৰ নিজৰ নিয়ন্ত্ৰণ বৰ্তাই ৰখাৰ স্বাৰ্থত তেওঁলোকে গুৰুত্বপূৰ্ণ পদবীত নিযুক্তিৰ কথা ঘোষণা কৰাৰ পিছতেই পৃথকে পৃথকে দুয়োখন বৈঠক অনুষ্ঠিত হয় (Two factions announced crucial appointments)।

অজিত পাৱাৰ নেতৃত্বাধীন গোটটোৰ দলীয় কৰ্মীসকলে পাৱাৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি বান্দ্ৰাস্থিত এম ই টিত তেওঁলোকৰ শপতনামা দাখিল কৰে ।

ইফালে শাৰদ পাৱাৰৰ অনুগতসকলে ৱাই বি চাভান কেন্দ্ৰত তেওঁৰ সমৰ্থনত দিলে শ্ল’গান ।

দেওবাৰে অজিত পাৱাৰে নিজৰ পক্ষ সলনি কৰি একনাথ শিণ্ডে-বিজেপি নেতৃত্বাধীন চৰকাৰখনত উপ-মুখ্যমন্ত্ৰী হিচাপে যোগদান কৰাৰ পিছতেই নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিত এক ৰাজনৈতিক সংকটৰ সৃষ্টি হয় । অজিত পাৱাৰৰ লগতে এনচিপিৰ আন আঠগৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

ইফালে শাৰদ পাৱাৰৰ নেতৃত্বত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে (Nationalist Congress Party) নজন বিধায়কৰ বিৰুদ্ধে অযোগ্যতাৰ আৱেদন কৰি মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰৱেকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে, দেওবাৰে অজিত পাৱাৰৰ লগতে ছগন ভুজবল, দিলীপ পাটিল, হাছান মুছৰিফ, ধনঞ্জয় মুণ্ডো, ধৰ্মৰাওবাবা আতৰাম, অদিতি তাটকাৰে, সঞ্জয় বনচোডে আৰু অনিল পাটিলকে ধৰি নজনকৈ বিধায়কে একনাথ চিন্দে-দেৱেন্দ্ৰ ফাডনাভিছ নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে যোগদান কৰিছিল ।

ইফালে শৰদ পাৱাৰে তেওঁৰ ঘনিষ্ঠ সহযোগী প্ৰফুল পেটেল আৰু সুনীল তাটকাৰেক “দল বিৰোধী কাৰ্যকলাপৰ” বাবে ইতিমধ্যেই দলৰ পৰা অপসাৰণ কৰিছে ।

পাৱাৰে এক পত্ৰযোগে দলৰ দুয়োজন সাংসদলৈও এটা বাৰ্তা প্ৰেৰণ কৰি উল্লেখ কৰিলে এনেদৰে, “দলৰ আদৰ্শক অমান্য কৰি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা অজিত পাৱাৰ আৰু আন আঠজন বিধায়কক সমৰ্থন কৰা আপোনালোকৰ কাৰ্যকলাপ দল বিৰোধী আৰু আপোনালোকে স্বেচ্ছাই নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সদস্যপদ ত্যাগ কৰা বুলি গণ্য কৰা হৈছে ।”

লগতে উল্লেখ কৰিলে, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সদস্যপদ স্বেচ্ছাই ত্যাগ কৰা আপোনালোকৰ কাৰ্য্যৰ প্ৰতি লক্ষ্য ৰাখি মই আনুষ্ঠানিকভাৱে আপোনালোকৰ নাম দলৰ সদস্যপদৰ পৰা আঁতৰাই পেলাইছো ।”

শাৰদ পাৱাৰৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত ৰাজ্যসভাৰ সাংসদ প্ৰফুল্ল পেটেলে যোৱাটো মাহত এন চি পিৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল । তেখেতে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰখনতো এগৰাকী মন্ত্ৰী আছিল ।

লগতে পঢ়ক : Monday recorded as hottest day on earth: সোমবাৰৰ দিনটোয়ে পৃথিৱীৰ আটাইতকৈ অধিক গৰমৰ দিন হিচাপে স্থাপন কৰিলে অভিলেখ