Local, Vocal, Global

Watch | Nazira Gelekey two men missing: বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ দুজন ব্যক্তি

গেলেকী: গেলেকীৰ নামদঙীয়া গাঁৱৰ দুজন ব্যক্তি ক্ৰমে লোকনাথ বৰুৱা(৫০) আৰু প্ৰাঞ্জল শইকীয়া(৩৬) যোৱা ২৭জুন তাৰিখৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷
নামদঙীয়া গাঁৱৰ পৰা যোৱা ২৫জুন তাৰিখৰ দিনা শিমলুগুৰি ৰে’ল জংচনৰ পৰা ৰে’ল যোগেৰে কৰ্মৰ সন্ধানত হায়দৰাবাদলৈ বুলি যাত্ৰা কৰাৰ পথত হাওৰা জংচনৰ পৰা নিৰুদ্দেশ হোৱাৰ এক ঘটনা সংঘটিত হৈছে৷

নিৰুদিষ্ট লোকনাথ বৰুৱাৰ পুত্ৰ ঋতুপৰ্ণ বৰুৱা হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত৷ সেই সূত্ৰে আন চাৰিজন যুৱকৰ সৈতে হায়দৰাবাদলৈ নামদঙীয়া গাঁৱৰ দুজন ব্যক্তি ক্ৰমে লোকনাথ বৰুৱা আৰু প্ৰাঞ্জল শইকীয়া গৈছিল যদিও তেওঁলোক আজি পৰ্যন্ত গন্তব্য স্থানত উপস্থিত হ’বলৈ সক্ষম নহ’ল৷

লগত যোৱা চাৰিজন যুৱক ক্ৰমে বিশ্বজিৎ হাতীমূৰীয়া,ধ্ৰুৱজ্যোতি বৰুৱা ওৰফে ৰঙাই,অপসীম গগৈ,,বিতুল বৰুৱা হায়দৰাবাদত উপস্থিত হ’ল যদিও আজিলৈকে লোকনাথ বৰুৱা আৰু প্ৰাঞ্জল শইকীয়া গন্তব্য স্থানত উপস্থিত নহ’ল৷
এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত স্থানীয় গেলেকী আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানেও নিৰুদ্দেশ এই দুজনকৈ ব্যক্তি৷ পৰিয়ালৰ লোকে সমগ্ৰ ঘটনা সন্দৰ্ভত অসম চৰকাৰৰ হস্তক্ষেপ বিচাৰি সংবাদ মাধ্যমৰ জড়িয়তে উচিত তদন্ত বিচাৰিছে৷

লগতে পঢ়ক: Watch | Dergaon mother daughter missing case: দেৰগাঁও ফেটাবস্তিৰ পৰা সন্ধানহীন ৰুকচানা বেগম নামৰ এগৰাকী বোৱাৰী আৰু ৫ বছৰীয়া কনমানি