Nayab Singh Saini takes oath as new Haryana chief minister : হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নায়ব সিং ছৈনীয়ে
নিউজ ডেস্ক, ১২ মাৰ্চ : শপত ল’লে হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰীয়ে । আজি বিয়লি ৫ বজাত হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ নায়ব সিং ছৈনীৰ। নায়ব সিং ছৈনীৰ সৈতে শপত গ্ৰহণ কৰে উপ-মুখ্যমন্ত্ৰী আৰু ৫ কেবিনেট মন্ত্ৰীয়ে(Nayab Singh Saini takes oath as new Haryana chief minister)।
নতুন মুখ্যমন্ত্ৰী হিচাপে নায়ব সিং ছৈনীয়ে শপত গ্ৰহণ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী অভিনন্দন জনায়।
এক্সত প্ৰধামন্ত্ৰীয়ে পোষ্ট কৰে, “@NayabSainiBJP জীয়ে হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শুভেচ্ছা। হাৰিয়ানাৰ জনসাধাৰণৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত তেওঁ আৰু তেওঁৰ মন্ত্ৰী দলটোৱে কৰা প্ৰচেষ্টাৰ বাবে অতিশয় শুভেচ্ছা জনাইছো।’
উল্লেখ্য যে, মঙলবাৰে বিজেপি-জেজেপি মিত্ৰতাত বিভেদৰ মাজত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে পদৰ পৰা পদত্যাগ কৰে । ইয়াৰ পিছত চণ্ডীগড়ত বিধায়িনী দলৰ বৈঠক আৰম্ভ হয়। কুৰুক্ষেত্ৰৰ বৰ্তমানৰ সাংসদ আৰু বিজেপিৰ সভাপতি নায়ব সিং ছৈনীৰ নামত সহমত প্ৰদান কৰা হয়। আজি বিয়লি ৫ বজাত নায়ব সিং ছৈনীয়ে নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে(Nayab Singh Saini takes oath as new Haryana chief minister)।