Nayab Saini to be new Haryana chief minister : নায়ব ছৈনী হ’ব হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী
নেশ্যনেল ডেস্ক, ১২ মাৰ্চ : নিৰ্বাচিত হ’ল হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী । নায়ব ছৈনী হ’ব হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী । আজি বিয়লি ৫ বজাত হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নায়ব ছৈনীয়ে(Nayab Saini to be new Haryana chief minister) ৷
আজি বিধায়িনী দলৰ বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। বিধায়িনী দলৰ বৈঠকত নায়ব ছৈনীৰ নামত সহমত প্ৰদান কৰা হয়। বৈঠকৰ পিছত নায়ব ছৈনীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ফুলৰ তোৰাৰে তেওঁক অভিনন্দন জনায়(Haryana New CM Nayab Singh Oath Ceremony)।
উল্লেখ্য যে, মঙলবাৰে বিজেপি-জেজেপি মিত্ৰতাত বিভেদৰ মাজত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে পদৰ পৰা পদত্যাগ কৰে । ইয়াৰ পিছত চণ্ডীগড়ত বিধায়িনী দলৰ বৈঠক আৰম্ভ হয়। কুৰুক্ষেত্ৰৰ বৰ্তমানৰ সাংসদ আৰু বিজেপিৰ সভাপতি নায়ব সিং ছৈনীৰ নামত সহমত প্ৰদান কৰা হয়। আজি বিয়লি ৫ বজাত নায়ব সিং ছৈনীয়ে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব।