Local, Vocal, Global

Naxalite killed in encounter with security personnel : ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ;নিহত মাওবাদী

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল : পুনৰ ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ । ছত্তীশগড়ৰ সুকমা জিলাৰ ছল্টং অঞ্চলত নিৰাপত্তা বাহিনী সৈতে মাওবাদীৰ সংঘৰ্ষ হয় । এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয় এটা মাওবাদী । ডিআৰজি কৰ্মীসকলে মৃত মাওবাদী আৰু অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে(Naxalite killed in encounter with security personnel in Chhattisgarh’s Sukma) ।

সুকমাৰ আৰক্ষী অধীক্ষক কিৰণ জি চাৱনৰ মতে, ছত্তীশগড়ৰ কিষ্টাৰাম আৰক্ষী থানাৰ অন্তৰ্গত ছল্টং অঞ্চলত এই সংঘৰ্ষ হৈছিল । ডিআৰজি আৰু কোবৰাৰ চিআৰপিএফৰ পৃথক দলে মাওবাদী বিৰোধী অভিযানলৈ যোৱাৰ সময়তে এই সংঘৰ্ষৰ সূত্ৰপাত হয় । মাওবাদীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰে । ডিআৰজি বাহিনীয়েও এই গুলীচালনাৰ উচিত প্ৰত্যুত্তৰ দিয়ে । বহু সময় ধৰি চলা গুলীচালনাত এটা মাওবাদী নিহত হয় । এই ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে(Naxalite killed in encounter with security personnel in Chhattisgarh’s Sukma) ।

নিৰাপত্তা বাহিনীয়ে মাওবাদী বিৰোধী অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Decomposed Body of Youth Recovered from Drain : মহানগৰীৰ নুনমাটিত উদ্ধাৰ অচিনাক্ত মৃতদেহ