Local, Vocal, Global

Naxalite Killed in Encounter in Bijapu : নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষ নক্সালবাদীৰ,সংঘৰ্ষত নিহত শীৰ্ষ নক্সালবাদী নেতা

নেশ্যনেল ডেস্ক, ১৭অক্টোবৰ : নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষ নক্সালবাদীৰ । এই সংঘৰ্ষৰ সূত্ৰপাত হয় ছত্তিশগড়ৰ বনাঞ্চলত । বনাঞ্চলত সংঘটিত হোৱা এই সংঘৰ্ষত এজন নক্সালবাদীৰ মৃত্যু হয় ।

উল্লেখ্য যে, মঙলবাৰে পুৱা ছত্তিশগড়ৰ বিজাপুৰৰ মাদ্দেদৰ বান্দেপাৰা বনাঞ্চলত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । মাদ্দেদৰ সংঘটিত এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নক্সালবাদীৰ এজন শীৰ্ষ নেতা মৃত্যু হয় ৷ নিহত নক্সালবাদীটো মাদ্দেদ এলেকা কমিটীৰ ভাৰপ্ৰাপ্ত DVCM নাগেশ বুলি চিনাক্ত কৰা হৈছে(Naxalite Killed in Encounter in Chhattisgarh Bijapur District) ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, নিৰাপত্তাৰক্ষীয়ে নক্সালবাদীটোৰ মৃতদেহৰ লগতে এটা AK 47 ৰাইফল উদ্ধাৰ কৰে(Naxalite Killed in Encounter in Bijapur Rifle Seized) ।

৭ নৱেম্বৰত ছত্তীশগড়ত অনুষ্ঠিত হ’ব বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । আগন্তুক নিৰ্বাচনৰ বাবে ৰাজ্যখনত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।ৰাজ্যখনৰ ঠায়ে ঠায়ে মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী; বৃদ্ধি কৰা হৈছে তালাচী অভিযান ।

ইয়াৰ মাজতে মঙলবাৰে পুৱা ৰাজ্যখনত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ হয়(Naxalite Killed in Encounter in Bijapu) ।

উল্লেখ্য যে, কোৰঞ্জেদ-বান্দেপাৰাৰ অৰণ্যত নক্সালবাদী শিবিৰ স্থাপন কৰা হৈছিল । মাদ্দেদ এলেকা কমিটীৰ ভাৰপ্ৰাপ্ত DVCM নাগেশ, সচিব ACM বুচান্না, ACM বিশ্বনাথৰ সৈতে প্ৰায় ১৫-২০জনীয়া সশস্ত্ৰ নক্সালবাদী উপস্থিত থকাৰ তথ্য লাভ কৰাৰ পিচত বিজাপুৰৰ পৰা ডি আৰ জি, বস্তৰ ফাইটাৰছ, এছ টি এফ আৰু চি আৰ পি এফ ১৭০জনীয়া যুটীয়া দল এটা উক্ত স্থানলৈ ৰাওনা হয় । আৰক্ষী-জোৱানৰ যুটীয়া দলটো প্ৰত্যক্ষ কৰি নক্সালবাদীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ দলটোৰ ওপৰত গুলীচালনা কৰে ।

নক্সালবাদীৰ দলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষী দলটোৱে গুলীচালনা কৰিবলৈ ধৰে ৷ প্ৰায় এঘণ্টা ধৰি চলা উক্ত সংঘৰ্ষত নক্সালবাদীৰ শীৰ্ষ নেতাজনৰ মৃত্যু হয় ৷ সম্প্ৰতি অঞ্চলটোত তালাচী অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীৰ দলটোৱে ৷

লগতে পঢ়ক :Rahul Gandhi rides pillion on scooter to meet former Mizoram CM : স্কুটাৰত উঠি মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত ৰাহুল গান্ধী