Navy team successfully pull out sunken training plane from Jamshedpur Chandil Dam : অৱশেষত উদ্ধাৰ হ’ল জামছেদপুৰৰ পৰা নিৰুদ্দিষ্ট বিমানখনৰ ধ্বংসাৱশেষ
নিউজ ডেস্ক,২৭ আগষ্ট : অৱশেষত উদ্ধাৰ হ’ল ঝাৰখণ্ডৰ জামছেদপুৰৰ সোণাৰি বিমানবন্দৰৰ পৰা ২০ আগষ্টত উৰা মাৰি দুৰ্ঘটনাগ্ৰস্ত হোৱা প্ৰশিক্ষাৰ্থী বিমানখন । ভাৰতীয় নৌসেনাৰ দলে চেৰাইকেলাৰ চণ্ডিল বান্ধত উদ্ধাৰ কৰে বিমানখনৰ ধ্বংসাৱশেষ(Navy team successfully pull out sunken training plane from Jamshedpur Chandil Dam) ।
উল্লেখ্য যে, বিগত ৬ দিন ধৰি নৌসেনাৰ দলে ধাৰাবাহিকভাৱে অভিযান চলাই আছিল আৰু অৱশেষত উদ্ধাৰ হ’ল নিৰুদ্দেশ হোৱা বিমানখন । বিমানখনত থকা দুয়োজন বৈমানিকৰ মৃত্যু হৈছে।
মঙলবাৰে জামছেদপুৰৰ সোণাৰি বিমানবন্দৰৰ পৰা এই বিমানখনত কেপ্টেইন জীত শত্ৰু আনন্দ আৰু প্ৰশিক্ষিত পাইলট সুব্ৰোদীপ দত্তই উৰা মাৰিছিল । স্থানীয় এজন ব্যক্তিয়ে বিমানখন চেৰাইকেলা বান্ধত পৰাৰ কথা অৱগত কৰিছিল । তেতিয়াৰ পৰাই বিমানখনৰ সন্ধান চলি আছিল । ছয় দিনৰ পাছত সোমবাৰে সন্ধিয়া ভাৰতীয় নৌসেনাৰ দলটোৱে সাগৰীয় উদ্ধাৰ বেগৰ সহায়ত বিমানখনৰ ধ্বংসাৱশেষ উলিয়াই আনে(Trainer Aircraft Missing From Jamshedpur Found After 6 Days In Chandil Dam)।