Local, Vocal, Global

প্ৰকৃতিৰ ৰুদ্ৰৰূপ…৭ বছৰীয়া ভগ্নীয়ে প্ৰাণ ৰক্ষা কৰিলে কণমানি ভাতৃৰ

ডিজিটেল ডেস্ক:-তুৰস্ক আৰু চিৰিয়াক জোকাৰি যোৱা ভূমিকম্পৰ ফলত কমেও ৭,৭২৬ জন লোকৰ মৃত্যু হৈছে। প্ৰলয়ংকৰী ভূমিকম্পৰ পিছত, তুৰস্ক আৰু চিৰিয়াত কমেও ৪২,২৫৯ জন লোক আহত হৈছে। এই প্ৰলংয়কৰী ভূমিম্পই হাজাৰ হাজাৰ জন লোকৰ প্ৰাণ কাঢ়িছে৷


প্ৰকৃতিৰ এই বিধ্বংসী পৰিস্থিতিৰ মাজতেই দেখা গ’ল এক হৃদয়বিদাৰক দৃশ্য ৷
৭.৮ প্ৰাৱল্যৰ ভূইকঁপে জোঁকাৰি যোৱা তুৰস্ক আৰু ছিৰিয়াৰ শেহতীয়া এখন ছবিয়ে আৱেগিক কৰি তুলিছে সকলোকে। এই ফটোখনত বিধ্বংসী ভূমিকম্পৰ মাজত দেখা গৈছে ছিৰিয়াৰ এহাল কণমানি ভাতৃ-ভগ্নীক। ১৭ ঘণ্টা ধৰি ধ্বংসস্তুপৰ মাজত আৱদ্ধ হৈয়ো এনেদৰে কণমানি ভাতৃৰ মূৰটো হাতৰ কিলাকূটিৰে খহি পৰা দেৱালৰ চেপাৰ পৰা বচাই ৰাখিলে ৭ বছৰীয়া বায়েকে নিজ ভাতৃক। পৰৱৰ্তী সময়ক দুয়োকে জীৱন্তে উদ্ধাৰ কৰিলে ৰাষ্ট্ৰসংঘৰ উদ্ধাৰকাৰী দলে। এই ফটোখন টুইট কৰিছে ছিৰিয়াত থকা ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি মহম্মদ ছাফাই৷