প্ৰকৃতিৰ ৰোষত গোৱালপাৰাৰ একাংশ কৃষক
ডিজিটেল ডেস্ক:- প্ৰকৃতিৰ ৰোষত পৰিছে গোৱালপাৰাৰ একাংশ কৃষক। এইবাৰ বৰষুণৰ পানীয়ে বিপদ মাতিছে কৃষকৰ। গোৱালপাৰা জিলাৰ পূৱ গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত কেইবাটাও অঞ্চলত বৰষুণৰ পানীয়ে নষ্ট কৰিছে বৃহৎ ভূমিৰ বৰোধান খেতি । জিলাখনৰ গাৰোমাৰী বিলত প্ৰায় এমাহ ধৰি পানী জমা হৈ থকাত সূতাৰপাৰা, গাৰোমাৰী, পালপাৰা আদি অঞ্চলৰ অতি কমেও ৫০০ বিঘা বৰোধানৰ খেতি নষ্ট হৈছে। দীৰ্ঘদিন ধৰি পানী জমা হৈ থকা বাবেই সামান্য বতাহত বিঘাই বিঘাই বৰোধানৰ খেতি পানীত হাউলি পৰিছে। অঞ্চলটোৰ বহু কৃষকৰ বৰোধানৰ খেতি পচি নষ্ট হৈছে। আন একাংশই আকৌ গৰু ম’হক খুৱাবলৈ কেচা ধানকে কাটিছে। শাৰীৰিক শ্ৰম আৰু গাঁঠিৰ ধন ভাঙি কৰা বিঘাই বিঘাই বৰোধানৰ খেতি বৰষুণৰ পানীয়ে নষ্ট কৰাত হাহাকাৰ কৰিছে কৃষকসকলে। অঞ্চলটোৰ একাংশ কৃষকৰ বৰোধানৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হোৱাত মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে, প্ৰায় ২০ দিন পূৰ্বে উক্ত অঞ্চলৰ বৃহৎ ভূমিৰ বৰোধান কৃত্ৰিম বানত বুৰি নষ্ট হৈছে। কৃত্ৰিম বান আৰু বৰষুণৰ পানীত বৰোধানৰ খেতি নষ্ট হোৱাৰ পিছতো কৃষি বিভাগৰ কোনো লোক খবৰ লবলৈও অহা নাই বুলি অভিযোগ উত্থাপন কৰিছে একাংশ কৃষকে।