Local, Vocal, Global

National Unity Day 2024: আজি দেশজুৰি ৰাষ্ট্ৰীয় একতা দিৱস পালন

নিউজ ডেস্ক, ২৯ অক্টোবৰ : আজি ৰাষ্ট্ৰীয় একতা দিৱস পালন(National Unity Day)৷ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী৷আজি ১৪৯ সংখ্যক জন্মবাৰ্ষিকী পালন দেশজুৰি ৷ প্ৰতিবছৰে ৩১ অক্টোবৰৰ দিনটোত পালন কৰা হয় এই দিৱস। কিন্তু এইবাৰ দীপাৱলীৰ বাবে দুদিন পূৰ্বে উদযাপিত ৰাষ্ট্ৰীয় একতা দিৱস।

শেহতীয়া মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰিছিল । তেওঁ উল্লেখ কৰিছিল যে ৩১ অক্টোবৰত এইবাৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ লগতে দীপাৱলীও । দীপাৱলীৰ বাবে এইবাৰ একতাৰ বাবে দৌৰ কাৰ্যসূচী ২৯ অক্টোবৰত অনুষ্ঠিত হ’ব । প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবলৈও আহ্বান জনাইছে।অৱশ্যে প্ৰতিবছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় একতা দিৱস ৩১ অক্টোবৰতে আয়োজন কৰা হ’ব(National Unity Day 2024)।

২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিৱসৰ শুভাৰম্ভ কৰিছিল। ২০১৪ চনত ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা এই দিনটোক স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনৈতিক একত্ৰিকৰণত পেটেলৰ গুৰুত্বপূৰ্ণ অৱদান আৰু ৰাষ্ট্ৰৰ ঐক্য আৰু অখণ্ডতা বৃদ্ধিৰ বাবে তেওঁৰ প্ৰচেষ্টাৰ স্মাৰক হিচাপে বিবেচনা কৰা হয়।ই ভাৰতীয় সমাজৰ বিভিন্ন দিশ যেনে বিভিন্ন ধৰ্ম,ভাষা, সংস্কৃতি, পৰম্পৰা আৰু বৈচিত্ৰ্যৰ মাজত একতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰথমতে ভাৰতীয় ৰাজনীতিৰ প্ৰতি উদাসীন পেটেল মহাত্মা গান্ধীৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু ১৯১৭ চনলৈ গান্ধীৰ সত্যাগ্ৰহৰ নীতি (অহিংসা) গ্ৰহণ কৰিছিল ।

তেওঁ ব্ৰিটিছ নীতিৰ বিৰুদ্ধে গণ প্ৰচাৰ আয়োজনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ১৯১৭ চনৰ পৰা ১৯২৮ চনলৈ আহমেদাবাদৰ পৌৰ আয়ুক্ত আৰু সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

লগতে পঢ়ক :Theft in Dhing : ধিঙৰ বিদ্যালয়ত চুৰি কাণ্ড