Local, Vocal, Global

National Sports Awards 2023 : ক্ৰিকেটাৰ মহম্মদ ছামীক অৰ্জুন বঁটাৰে সন্মানিত কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে

নিউজ ডেস্ক, ৯ জানুৱাৰী : মঙলবাৰে ২০২৩ বৰ্ষত ক্ৰীড়া ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা দেশৰ ক্ৰীড়াবিদসকলক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰিলে ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা । ভাৰতৰ দ্ৰুত বলাৰ মহম্মদ ছামীক দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে প্ৰদান কৰিলে অৰ্জুন বঁটা(National Sports Awards 2023) ।

উল্লেখ্য যে, এদিনীয়া বিশ্বকাপ ২০২৩ ত বলিঙৰ সুন্দৰ প্ৰদৰ্শনৰ পিছত ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ছামীৰ নাম এই বঁটাৰ বাবে পৰামৰ্শ দিছিল।

এই বঁটা প্ৰদান অনুষ্ঠানৰ এদিন পূৰ্বে ভাষণ দি,ছামীয়ে কয় , “এই বঁটা এটা সপোন। গোটেই জীৱন পাৰ হৈ যায় আৰু মানুহে এই বঁটা লাভ কৰিবলৈ সক্ষম নহয়। বৰ আনন্দৰ কথা আৰু গৌৰৱ অনুভৱ কৰিছো(Mohammed Shami receive Arjuna awards )।’’

উল্লেখ্য যে আইচিচি পুৰুষৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ, ২০২৩ ত টীম ইণ্ডিয়াৰ বেগী বলাৰ মহম্মদ ছামীক অসাধাৰণ প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় ।

শেহতীয়া বিশ্বকাপত শ্বামী মাত্ৰ সাতখন মেচত ২৪ টা উইকেট লাভ কৰি প্ৰতিযোগিতাখনৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয় ।

এই অভিজাত টুৰ্ণামেণ্টত অভিজ্ঞ পেচাৰ জাহিৰ খানৰ ৪৪ টা উইকেট অতিক্ৰম কৰি তেওঁ ভাৰতৰ সামগ্ৰিকভাৱে সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপেও পৰিগণিত হয় । ১৯ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হোৱাৰ পিছত ছামীয়ে প্লেয়িং একাদশত স্থান লাভ কৰে।

এই প্ৰতিযোগিতাত নিউজিলেণ্ডৰ বিৰুদ্ধে ৫টা উইকেট দখলকে আৰম্ভ কৰি মুঠ ২৪টা উইকেট লাভেৰে পেচাৰগৰাকীয়ে অভিলেখ সৃষ্টি কৰে(Mohammed Shami receives Arjuna Award from President Droupadi Murmu)।

তেওঁ ৭খন খেলত গড়ে ১০.৭০ আৰু ষ্ট্ৰাইক ৰেট ১২.২০ত ২৪টা উইকেট দখল কৰে আৰু আগশাৰীৰ উইকেট দখলকাৰী হিচাপে আত্মপ্ৰকাশ কৰে।

লগতে পঢ়ক : PM Modi wishes Indian diaspora on Pravasi Bharatiya Diwas : দেশবাসীক প্ৰৱাসী ভাৰতীয় দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ