Local, Vocal, Global

National Forest Martyrs Day 2024 : আজি বন শ্বহীদ দিৱস

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ: আজি ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস৷ প্ৰতি বছৰে ১১ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস পালন কৰা হয় । বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ বনকৰ্মী সকলৰ স্মৃতিত প্ৰতি বছৰে ১১ ছেপ্তেম্বৰ দিনটো বন শ্বহীদ দিৱস হিচাবে পালন কৰি অহা হৈছে(National Forest Martyrs Day) ৷

২০১৩ চনত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে এই তাৰিখটো বিশেষভাৱে বাছি লৈ ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস আৰম্ভ কৰিছিল, ঐতিহাসিক খেজৰলি হত্যাকাণ্ডৰ স্মৰণত এই দিনটো বাছি লোৱা হৈছিল ।

যিহেতু ভাৰতত বহুসময়ত বনাঞ্চল আৰু বন্যপ্ৰাণী ৰক্ষাৰ স্বাৰ্থত বনৰক্ষী, ৰেঞ্জাৰ আৰু অন্যান্য কৰ্মীয়ে নিজৰ কৰ্তব্য পালনৰ মাজতেই প্ৰাণ হেৰুৱাব লগাত পৰে, সেই ত্যাগক সন্মান আৰু স্বীকৃতি দিয়াৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস গুৰুত্বপূৰ্ণ । এই দিনটোৱে বনাঞ্চল সংৰক্ষণ কৰাটো কিমান গুৰুত্বপূৰ্ণ সেই বিষয়েও সজাগতা সৃষ্টিৰ কাম কৰে(National Forest Martyrs Day 2024)।

ই এক সোঁৱৰণী হিচাপে কাম কৰে যে অৰণ্য কেৱল গছৰ সংগ্ৰহতকৈও অধিক গুৰুত্বপূৰ্ণ ৷ কিয়নো অৰণ্যবোৰ এক জটিল পৰিৱেশ তন্ত্ৰ, যিয়ে বিভিন্ন প্ৰজাতিৰ প্ৰাণীক আশ্ৰয় প্ৰদান কৰে, পৰিৱেশগত সমন্বয় ৰক্ষা কৰে আৰু মানুহক বহুতো সুবিধা প্ৰদান কৰে । চোৰাং চিকাৰ, কাঠ কটা, বেদখল আদি অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বনৰক্ষীসকলে সন্মুখীন হোৱা বিপদৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰা হয়।

লগতে পঢ়ক :Mohammad Inamul Haque passed away :সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক আবু আদিল মহম্মদ ইনামুল হকৰ দেহাৱসান