Local, Vocal, Global

National Flag Hosting in BJP State HQ : বিজেপি মুখ্য কাৰ্যালয়ত ওলোটাকৈ উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা

নিউজ ডেস্ক, ১৫ আগষ্ট : সমগ্ৰ দেশত আজি ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপন কৰা হৈছে (77th independence day)। সেই অনুসৰি গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়তো ৰাষ্ট্ৰীয় পতাকা উত্তোলণ কৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (National Flag Hosting in BJP State HQ) ।

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ সময়ত পুনৰ অথন্তৰ বিজেপিৰ সভাপতিৰ লগত। পুনৰ বিজেপি সভাপতিয়ে ওলোটাকৈ উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা। ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয়ত ওলোটাকৈ উত্তোলন কৰা হ’ল ৰাষ্ট্ৰীয় পতাকা । পতাকা উত্তোলন কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

শাসকীয় দলটোৰ মুখ্য কাৰ্যালয়তে ৰাষ্ট্ৰীয় পতাকাক চৰম অসন্মান কৰি উত্তোলন কৰিলে ওলোটাকৈ । দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পতাকা উত্তোলন কৰাৰ কিছু সময়ৰ পাছতহে এই চৰম অপমানজনক কথাটো অনুভৱ কৰে পতাকা উত্তোলনস্থলীত উপস্থিত থকা লোকসকলে।

উত্তোলনৰ কৰা পাছতে পতাকাখন পুনৰ নমাই দ্বিতীয়বাৰৰ বাবে উত্তোলন কৰে । এই অনুষ্ঠানত বিজেপি সভাপতিগৰাকীৰ লগতে দলটোৰ বহু কেইজন নেতা কৰ্মী উপস্থিত আছিল।

উল্লেখ্য যে, বিজেপি সভাপতিৰ সৈতে হোৱা এনে অথন্তৰ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বিজেপিৰ সভাপতিৰ লগত সংঘটিত হৈছে এনে অথন্তৰ। ওলোটাকৈ উত্তোলন কৰিছে পতাকা ।

লগতে পঢ়ক : Independence Day : ভাৰত স্বাধীন হোৱাৰ ৭৬টা বছৰৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ ৬ খন গাঁৱত উত্তোলন কৰা হয় ৰাষ্ট্ৰীয় পতাকা