Local, Vocal, Global

National Doctors Day 2024: আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস; প্ৰতি বছৰে ১ জুলাইত দেশত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়

নিউজ ডেস্ক,১জুলাই : আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস । প্ৰতি বছৰে ১ জুলাইত দেশত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় (National Doctors’ Day celebrated in India on July 1)। নিস্বাৰ্থভাৱে চৌব্বিশ ঘণ্টাই সেৱা আগবঢ়োৱা চিকিৎসা বৃত্তিধাৰীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন আৰু সন্মান জনোৱাৰ বাবে এই দিনটো পালন কৰা হয় । এই দিনটোত প্ৰখ্যাত চিকিৎসক, স্বাধীনতা সংগ্ৰামী তথা পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী ড০ বিধান চন্দ্ৰ ৰয়ৰ মৃত্যু তিথি উপলক্ষে এই দিনটোক ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয়।

এই দিনটো উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে দেশৰ জনতাক উন্নত স্বাস্থ্যৰ বিষয়ে সজাগ কৰা আৰু জনতাৰ প্ৰয়োজনৰ সময়ত নিস্বাৰ্থভাৱে সহায় কৰা চিকিৎসকলৰ প্ৰচেষ্টাক স্বীকাৰ কৰা, তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন।

উল্লেখ্য যে,পশ্চিমবংগ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ বিধান চন্দ্ৰ ৰয়ৰ ১৮৮২ চনৰ ১ জুলাইত জন্ম হৈছিল আৰু ১৯৬২ চনৰ ১ জুলাইত ৮০ বছৰ বয়সত মৃত্যু হৈছিল। ড০ বিধান চন্দ্ৰ ৰয়ে জীৱন কালত মহিলা আৰু শিশুসকলৰ বাবে যাদৱপুৰত টিবি চিকিৎসালয়, চিত্তৰঞ্জন সেৱা সদন, কমলা নেহেৰু মেম’ৰিয়েল হস্পিতাল, ভিক্টোৰিয়া ইনষ্টিটিউচন, চিত্তৰঞ্জন কৰ্কট চিকিৎসালয় আদিৰ দৰে চিকিৎসা সংগঠন স্থাপন কৰিবলৈ সক্ষম হৈছিল।

ড০ বিধান ৰয়ক ১৯৬১ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল (Dr. Bidhan Ray awarded Bharat Ratna in 1961) । ড০ বিধান ৰয়ে সমাজৰ কল্যাণৰ বাবে যথেষ্ট অৱদান আগবঢ়াই গৈছে আৰু ভাৰতত বহুতো চিকিৎসা প্ৰতিষ্ঠান স্থাপন কৰাত সহায় কৰিছিল । বিশেষকৈ ভাৰতীয় চিকিৎসা পৰিষদ আৰু ভাৰতীয় চিকিৎসা সংস্থা (Indian Medical Association)ৰ ক্ষেত্ৰত তেওঁ প্ৰভূত বৰঙণি আগবঢ়াই গৈছে । সেয়ে এই দিনটোত তেওঁ দেশলৈ আগবঢ়াই যোৱা অৱদানক স্মৰণ কৰা হয় ।

১৯৯১ চনত ভাৰত চৰকাৰে চিকিৎসক দিৱসৰ সূচনা কৰে (Doctor’s Day established by India Government in 1991) আৰু তেতিয়াৰে পৰা প্ৰতি বছৰে ১ জুলাইত এই দিৱসটো উদযাপন কৰি অহা হৈছে । অৱশ্যে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ভিন্ন তাৰিখত চিকিৎসক দিৱস উদযাপন কৰা হয় । ২০২৪ চনৰ চিকিৎসক দিৱসৰ বিষয়বস্তু হৈছে ‘ নিৰাময়ৰ হাত, যত্নশীল হৃদয় ’ (Healing Hands, Caring Hearts)।