পশ্চিম গুৱাহাটীৰ ৰাণীত স্থাপন হ’ব ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ

নিউজ ডেস্ক, ২৩ জুলাই : অসম চৰকাৰে পশ্চিম গুৱাহাটীৰ ৰাণীত ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (NCDC) গোট স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অনুমোদন জনোৱা প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত নিৰ্মাণ হ’ব লগা পাঁচটা আঞ্চলিক NCDC গোটৰ ভিতৰত পশ্চিম গুৱাহাটীৰ ৰাণীত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰও অন্যতম।
শুকুৰবাৰে অসমৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত সামূহিক স্বাস্থ্য কেন্দ্ৰৰ কাষৰীয়া ভূমি বাছনি কৰে।
স্থানটো ভ্ৰমণৰ সময়ত, তেওঁ বিষয়াসকলক প্ৰয়োজনীয় আনুষ্ঠানিকতা দ্ৰুতভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে যাতে কেন্দ্ৰটো স্থাপনৰ প্ৰক্ৰিয়া সোনকালেই আৰম্ভ হ’ব পাৰে।
গুৱাহাটীৰ উপৰিও, NCDC স্থাপন কৰা আন ঠাইবোৰ হৈছে ডেৰাডুন, ভূপাল, আহমেদাবাদ আৰু বেংগালুৰু।
উল্লেখ্য যে, NCDCয়ে সংক্ৰামক ৰোগৰ গৱেষণা, চিকিৎসা আৰু নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে, যেনে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু কোভিড-১৯।