Local, Vocal, Global

National award to Manoranjan : শামুকৰ খোলাত প্ৰাণ পাই উঠিল অসমৰ ফুলাম গামোচা, ৰাষ্ট্ৰীয় স্বীকৃতি লাভ

ধেমাজি, ১৯ জুলাই : পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান (National award to Manoranjan) । গোগামুখৰ সন্তান মনোৰঞ্জন পেগুৰ কৃতীত্বত আনন্দৰ বন্যা । নিজস্বভাৱে ব্যতিক্ৰমী কিবা এটা কৰাৰ দুৰ্বাৰ হেপাহ যুৱকজনৰ । গোগামুখৰ মনোৰঞ্জন পেগুয়েই পথাৰৰ পৰা বিচাৰি অনা শামুখৰ খোলাত পিন্ধালে অসমীয়া ফুলাম গামোচা।

যুৱকজন হৈছে ধেমাজি জিলাৰ গোগামুখৰ প্ৰতিভাধৰ মনোৰঞ্জন পেগু । পেছাত গোগামুখ মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগত অধ্যাপনা কৰে মনোৰঞ্জন পেগুৱে। কৰ্মব্যস্ততাৰ মাজতে হস্তশিল্প আৰু চিত্ৰ কলাৰ এখন ব্যতিক্ৰমী জগতৰ নিগাজী বাসিন্দা মনোৰঞ্জন পেগু ।

গোগামুখৰ অতি ভিতৰুৱা ৩নং লটাক গাঁৱৰ সু- সন্তান মনোৰঞ্জন পেগুয়ে চিত্ৰ ক’লা জড়িয়তে উজ্বলি উঠাৰ লগতে গোগামুখলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । পথাৰ পৰা বুটলি আনি শামুখৰ খোলাত ফুলাম গামোচাৰ প্ৰতিচ্ছবি অংকনেৰে India book of Records আৰু Asia book of Records ত নাম উজ্বলাবলৈ সক্ষম হয়। চিত্ৰ শিল্পী গৰাকীৰ হাতৰ পৰশত শামুকৰ খোলাত প্ৰাণ পাই উঠিল অসমৰ স্বাভিমান ফুলাম গামোচা।

সততে খেতি পথাৰত উপলব্ধ মৃত শামুকৰ খোলাক উপজীৱ্য কৰি মনোৰঞ্জনে গঢ়ি তুলিছে চিত্ৰ শিল্পৰ এখন সেন্দুৰীয়া জগত । উপেক্ষিত অনাদৃত শামুকৰ খোলা সমূহ সংগ্ৰহ কৰি পেগুৱে ঘৰতে সৃষ্টিশীলতাৰ অপূৰ্ব ক্ষেত্র এখন গঢ়ি তুলিছে । সুদীর্ঘ কাল ধৰি নিৰন্তৰ প্ৰয়াস চলাই ক্ষুদ্ৰ ক্ষুদ্ৰ শামুকৰ খোলাত অংকিত কৰিছে থলুৱা জাতি জনগোষ্ঠীৰ স্বকীয় জাতীয় বস্ত্ৰৰ দৃষ্টিনন্দন ছবি।

অধ্যাপনাৰ লগতে মুৰুলী বজাই ,ঐনিতম গাই ভাল পোৱা সৃষ্টিশীল যুৱক মনোৰঞ্জন পেগুৰ বাসগৃহৰ প্ৰতিটো কোঠা ভৰি পৰিছে চিত্ৰ শিল্পীজনৰ নিখুঁত চিত্ৰকলাৰ অপূৰ্ব নিৰ্দশনেৰে।

চিত্ৰশিল্পী গৰাকীৰ হাতৰ পৰশত প্ৰাণৰ সঞ্চাৰ ঘটা শামুকৰ খোলাত অসমীয়াৰ স্বাভিমানী ফুলাম গামোচা আৰু গামোচাৰ ফুলৰ অংশত জাতীয় বাদ্য ঢোল, তাল, শংখ ,জাপি আদিৰ সূক্ষ্ম সূক্ষ্ম ছবি অংকিত কৰিছে।

শামুকৰ শুকান খোলাত চিত্ৰ শিল্পৰ ৰসাল আস্বাদন ঘটাবলৈ সক্ষম হোৱা মনোৰঞ্জন পেগুৱে এই ব্যতিক্ৰমী প্ৰতিভাৰ জৰিয়তে সম্প্ৰতি ইণ্ডিয়া বুক অব ৰেকৰ্ড আৰু এছিয়া বুক অব ৰেকৰ্ড-২০২৩ ত নিজৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছে ।

শিল,গছৰ পাত,কাগজত প্ৰাণ পাই উঠিছে মনোৰঞ্জন পেগুৰ হাতৰ পৰশ । বাঁহী বজাই ভালপোৱা ঐনিতমৰ গুঞ্জন তুলি ভাল পোৱা মনোৰঞ্জন পেগুৰ অনন্য সতেজ প্ৰতিচ্ছবিৰ অংকণ । শামুকৰ খোলাত আটাইতকৈ সৰু অসমীয়া ফুলাম গামোচাৰ প্ৰতিচ্ছবি অংকন কৰি ইণ্ডিয়া বুক অব ৰেকৰ্ডছ্ আৰু এছিয়া বুক অব ৰেকৰ্ডত মনোৰঞ্জন পেগুয়েই নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল। স্বীকৃতি অর্জন কৰিবলৈ সক্ষম হোৱা প্ৰতিভাধৰ মনোৰঞ্জন পেগুৱে লাভ কৰা এই ৰাষ্ট্ৰীয় স্বীকৃতিত উল্লাসৰ বন্যা বৈছে গোগামুখত। চিত্ৰশিল্পী মনোৰঞ্জনেও এই স্বীকৃতিয়ে ভৱিষ্যতৰ দিনত সৃষ্টিশীলতাৰ ধাৰা অধিক গতিশীল কৰিব বুলি উচ্চাসেৰে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : CM changed social media Bio : মুখ্যমন্ত্ৰীয়ে সলনি কৰিলে সামাজিক মাধ্যমৰ বায়’