NASA decides to keep astronauts Sunita Williams and Butch Wilmore in space until February : ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিব ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বেৰী বাচ্চ উইলমৰে
ইণ্টাৰনেশ্যনেল ডেস্ক,২৫আগষ্ট : ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিব ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বেৰী বাচ্চ উইলমৰে। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই শনিবাৰে (২৪ আগষ্ট) এই বিবৃতিত এই তথ্য প্ৰদান কৰিছে।
অৱশেষত নাছাই স্বীকাৰ কৰি ল’লে যে আই এছ এছত আবদ্ধ হৈ থকা মহাকাশচাৰী দুজনক বয়িঙৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত অনাটো বিপদজনক হ’ব পাৰে । দুয়োজন মহাকাশচাৰীকে ৫ জুনত একেখন মহাকাশযানেৰে আই এছ এছলৈ প্ৰেৰণ কৰা হৈছিল । এইটোৱেই আছিল ষ্টাৰলাইনাৰ কেপচুলৰ প্ৰথম উৰণ ।
নাছাই জনোৱা মতে, সুনীতা আৰু বেৰী উইলম’ৰ ফেব্ৰুৱাৰী মাহত ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ ড্ৰেগন মহাকাশযানত ঘূৰি আহিব । একে সময়তে ষ্টাৰলাইনাৰ কেপচুলটো আই এছ এছৰ পৰা পৃথক হৈ এসপ্তাহ বা দুসপ্তাহৰ পাছত অটোপাইলট মোডলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিব ।
সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰক অনাৰ বাবে ছেপ্টেম্বৰ মাহত আই এছ এছলৈ যাবলৈ যোৱা মাস্কৰ মহাকাশযানখনত এইবাৰ চাৰিজন মহাকাশচাৰীৰ পৰিৱৰ্তে মাত্ৰ দুজন মহাকাশচাৰী থাকিব।
নাছাৰ বিষয়া বিল নেলছনে কয় যে বয়িঙৰ ষ্টাৰলাইনাৰখন ক্ৰু নোহোৱাকৈ পৃথিৱীলৈ উভতি আহিব । ১৩ জুনত সুনীতা আৰু উইলমৰে ঘূৰি আহিবলগীয়া আছিল যদিও মহাকাশযানখনত হোৱা কাৰিকৰী বিজুতিৰ বাবে তেওঁলোকৰ উভতি অহা পিছুৱাই দিয়া হয়(Two astronauts stranded on ISS will return to Earth in February 2025 with SpaceX)।
মহাকাশ ভ্ৰমণৰ বিপদৰ সন্দৰ্ভত নেলছনে কয়, “মহাকাশ উৰণ বিপদজনক, আনকি ইয়াৰ আটাইতকৈ নিৰাপদ আৰু নিখুঁত সময়তো । পৰীক্ষামূলক বিমান সম্পূর্ণ নিৰাপদ বুলি গণ্য কৰিব নোৱাৰি ৷
তেওঁ কয় যে বাচ্চ আৰু সুনীতাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৰাখি বয়িং ষ্টাৰলাইনাৰখনক ক্ৰু অবিহনে ঘূৰাই দিয়াৰ সিদ্ধান্ত তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ ফল ।
নেলচনে কয় যে আমি ষ্টাৰলাইনাৰৰ ডিজাইন উন্নত কৰিব বিচাৰো আৰু ইয়াত থকা বিজুতিৰ মূল কাৰণসমূহ বুজিব বিচাৰো । ইয়াৰ জৰিয়তে বয়িং ষ্টাৰলাইনাৰ আমাৰ ক্ৰুৰ গুৰুত্বপূৰ্ণ অংশ হৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাব পাৰিব(NASA decides to keep astronauts Sunita Williams and Butch Wilmore in space until February)।
লগতে পঢ়ক : Sensational Incident : বৰশী বাবলৈ গৈ চেঁচা নৈত সলিল সমাধি ঘটে কিশোৰৰ