Narendra Modi to file his nomination for lok sabha election 2024 tomorrow : মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

নিউজ ডেস্ক,১৩মে’ : মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ। পুনৰবাৰ বাৰাণসী সমষ্টিৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
মঙলবাৰে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে সোমবাৰে বিয়লি মন্দিৰ নগৰীখনত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে(Narendra Modi to hold roadshow in Varanasi today, to file nomination tomorrow)।
জানিব পৰা মতে,আজি প্ৰধানমন্ত্ৰী মোদীৰ ৰোড শ্ব আগবাঢ়িব ছেহনাইৰ ছন্দোবদ্ধ ধ্বনি, শংখ ধ্বনি, ডম্বৰু তথা মন্ত্ৰোচ্চাৰণৰ মাজেৰে । বাৰাণসী হিন্দু বিশ্ব বিদ্যালয়ৰ গেটৰ পৰা কাশী বিশ্বনাথ ধামৰ চতুৰ্থ গেটলৈ প্ৰধানমন্ত্ৰী মোদীৰ ৰোড শ্ব’ৱে সাঙুৰি ল’ব। প্ৰধানমন্ত্ৰী ৰোড শ্ব’ৰ বাবে আজি সমগ্ৰ বাৰাণসীতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে(PM Modi to visit Kashi Vishwanath temple tomorrow ahead of nomination filing)।
কাশীৰ বিশ্বনাথ মন্দিৰত মোদীৰ প্ৰাৰ্থনাৰে অন্ত পৰিব প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব’। ৰোড শ্ব’ৰ অন্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীৰ গণ্য মান্য লোকৰ সৈতে আলোচনাত মিলিত হ’ব। নিশা বাৰাণসীতে কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। মঙলবাৰে পুৱাৰ ভাগতে বাৰাণসীৰ কালভৈৰৱ মন্দিৰত পূজা-অৰ্চনাত ভাগ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে মনোনয়ন দাখিল কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ তৃতীয় বাৰৰ বাবে উত্তৰ প্ৰদেশৰ বাৰণসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।
লগতে পঢ়ক : Tragic Accident in Barpeta : নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা আল্ট্ৰা বাছৰ