Local, Vocal, Global

PM Modi on Manipur shameful incident : মণিপুৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নেশ্য়নেল ডেস্ক, ২০জুলাই: অৱশেষত ৭৮ দিনৰ অন্তত মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(PM Modi on Manipur shameful incident) । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰি মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে (PM Narendra Modis First Reaction On Manipur Assault Video) । শেহতীয়াকৈ মণিপুৰৰ দুগৰাকী মহিলাৰ এটা ভিডিঅ’ই সামজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যিটো ভিডিঅ’ক লৈ এতিয়াই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে(Narendra Modi Talked About the Manipur Violence) ।

এই ঘটনাৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে ক’লে মণিপুৰৰ ঘটনা সমগ্ৰ দেশৰে সভ্য সমাজক লজ্জানত কৰিছে । লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে – মণিপুৰৰ মাতৃ-জীয়ৰীৰ অসন্মান যিয়ে কৰিছে তেওঁলোকক ৰেহাই দিয়া নহ’ব। মহিলাৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।

প্ৰধানমন্ত্ৰী গৰাকীয়ে দাবী কৰে যে কেইজনমান ব্যক্তিৰ নিকৃষ্ট কাণ্ডই সমগ্ৰ দেশৰ সুনাম কলুষিত কৰিছে। যাৰ ফলত ১৪০ কোটি লোক হতাশ হৈ পৰিছে । সেয়েহে প্ৰধানমন্ত্ৰীয়ে দেশৰ সকলো মুখ্যমন্ত্ৰীকে অনুৰোধ জনাই যে তেওঁলোকৰ নিজ নিজ ৰাজ্যত কঠোৰ আইন-শৃংখলা বলবৎ কৰে যেন । যাতে এনে ধৰণৰ জঘন্য ঘটনা পুনৰাবৃত্তি নহয় । বিশেষকৈ দেশৰ মাতৃ আৰু কন্যাসকলৰ সুৰক্ষা আৰু মৰ্যাদাৰ বিষয়ে চিন্তা কৰা উচিত । প্ৰধানমন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে যে এনে অপৰাধৰ সৈতে জড়িত কোনেও আইনৰ দৃষ্টিত ৰেহাই নাপাব(PM Modi says guilty will not be spared) ।

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰি এনেদৰে মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । কুকি সম্প্ৰদায়ৰ দুইগৰাকী মহিলাক উলংগ কৰি সমদল কৰা দৃশ্য পোহৰলৈ অহাৰ পাছতে সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ দানৱৰূপী দানৱৰ এনে নিকৃষ্ট কাণ্ডই হতবাহ কৰি তুলিছে সমগ্ৰ দেশবাসীক । দীৰ্ঘদিনৰ পৰা মণিপুৰত চলি আছে হিংসাত্মক ঘটনা । হত্যা,হিংসাৰে জৰ্জৰিত হৈ আছে মণিপুৰ কিন্তু তাৰ পিছটো কোনো গুৰুত্বপ্ৰদান কৰা নাই প্ৰধানমন্ত্ৰীয়ে ।

উল্লেখ্য যে, ৩ মে’ত আৰম্ভ হোৱা সংঘৰ্ষ এতিয়াও সমাপ্ত হোৱা নাই। এতিয়াও জ্বলিয়ে আছে মণিপুৰ । এনেধৰণে মণিপুৰ জ্বলি থকাৰ পিছটো নীৰৱতা অৱলম্বন কৰি আহিছে প্ৰধানমন্ত্ৰী মোডীয়ে যাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱশনটো মণিপুৰ প্ৰসংগই স্থান লাভ কৰিছে।

লগতে পঢ়ক : Manipur Women Paraded Naked : নিকৃষ্ট কাণ্ড !ৰাজপথত দুই মহিলাক উলংগ কৰি পেৰেড