Local, Vocal, Global

India and Bharat controversy : প্ৰধানমন্ত্ৰীৰ সন্মুখত ‘INDIA’ৰ সলনি ‘‍BHARAT’ নামফলক

নেশ্যনেল ডেস্ক, ৯ছেপ্টেম্বৰ : আজিৰে পৰা আৰম্ভ হৈছে বহু প্ৰত্যাশিত জি-২০ বৈঠক(India and Bharat controversy) । দুদিনীয়া কাৰ্যসূচীৰে দিল্লীত অনুষ্ঠিত হৈছে ১৮ সংখ্যক G20 সন্মিলন । G-20 সন্মিলনত দেখা গ’ল আন এক ৰূপ । প্ৰধানমন্ত্ৰী পুনৰবাৰ দাঙি ধৰিলে ‘INDIA’ৰ সলনি ‘‍BHARAT’ । G-20 সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi) সন্মুখত দেখা গ’ল ‘INDIA’ৰ সলনি ‘‍BHARAT’ নামফলক।

উল্লেখ্য যে,প্ৰথমে ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা জি-২০ সন্মিলনৰ সময়ত নৈশ ভোজনৰ বাবে দিয়া নিমন্ত্ৰণ পত্ৰত ‘প্ৰেচিডেন্ট অফ ইণ্ডিয়া’ৰ সলনি ‘প্ৰেচিডেণ্ট অফ ভাৰত’ বুলি উল্লেখ কৰিছিল। তাৰ পিছতে চৰ্চাত সোমাইছে ‘INDIA’ আৰু ‘‍BHARAT’ । বিভিন্ন মহলত প্ৰধামন্ত্ৰীৰ বাক্যশাৰীয়ে দেশৰ নাম সলনি কৰিব বুলি প্ৰকাশ পাই আহিছে। সেই সময়তে এইবাৰ পুনৰ G-20 সন্মিলনত বিশ্ব নেতাসকলৰ উপস্থিতিত মোদীৰ সন্মুখত দেখা গ’ল ‘INDIA’ৰ সলনি ‘‍BHARAT’ নামফলক।

ইয়াৰ পূৰ্বেৰ ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘকে ধৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ প্ৰতিনিধিসকলৰ সন্মুখত সদায় ‘INDIA’ নামফলক দেখা গৈছিল । এইবাৰ দেখা গ’ল অন্য এক ৰূপ । বিশ্ব নেতৃত্বৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে যেন ঘোষণা কৰিলে নাম সলনিৰ সিদ্ধান্ত!

বিৰোধী মৰ্চাই মিত্ৰজোঁটৰ নাম ‘I.N.D.I.A’ নামাৰে নামকৰণ কৰাৰ পাছতে মোডী চৰকাৰে দেশৰ নাম সলনি কৰাৰ যো-যা চলাইছে বুলি প্ৰশ্ন উত্থাপন হৈছে।মিত্ৰজোঁটৰ নাম ‘I.N.D.I.A’ নামাৰে নামকৰণ কৰাৰ পাছৰে পৰা বিতৰ্কত আছে I.N.D.I.A’।

আজিৰ পৰা অনুষ্ঠিত হোৱা G-20 শীৰ্ষ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন,বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ পিছিডা, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাককে ধৰি কেইবাখনো দেশৰ ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে । পুৱা ৯ বজাৰ পৰা ‘ভাৰত মণ্ডপম’ত আৰম্ভ G-20 সন্মিলন।ভাৰত মণ্ডপমত উপস্থিত হৈ মোদীয়ে বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলক উষ্ম আদৰণি জনায়। দুদিন ধৰি ভাৰত মণ্ডপমত চলিব G-20 শীৰ্ষ সন্মিলন।

এই G-20 শীৰ্ষ সন্মিলনত অংশ লৈছে ২৯খন দেশৰ ৰাষ্ট্ৰপ্ৰধানে। পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা সন্মিলনত এক পৃথিৱী এক পৰিয়াল এজেণ্ডাক লৈ হ’ব আলোচনা। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ অভ্যৰ্থনাত নৈশ ভোজৰো আয়োজন কৰা হৈছে।

লগতে পঢ়ক :president droupadi murmu : বহু প্ৰত্যাশিত জি-২০ বৈঠক অনুষ্ঠিত