“জনপ্ৰিয় নেতা”ৰ শীৰ্ষস্থানত নৰেন্দ্ৰ

নিউজ ডেস্ক, ২০ মাৰ্চ : পুনৰবাৰৰ বাবে বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাত শীৰ্ষস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । মৰ্নিং কনছাল্টৰ তৰফৰ পৰা কৰা এক সমীক্ষা অনুসৰি বিশ্বৰ নেতাসকলৰ ভিতৰত নৰেন্দ্ৰ মোডীক ৭৭ শতাংশ এপ্ৰুভেল ৰেটিং প্ৰদান কৰা হৈছে।
এই ৰেটিং অনুসৰি জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষ স্থানত আছে প্ৰধানমন্ত্ৰী মোডী। বিশ্বৰ জনপ্ৰিয় নেতা হিচাপে নিৰ্বাচিত মুখ্য মন্ত্ৰী গৰাকী। উল্লেখ্য যে, ১৩খন দেশৰ নেতাসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী মোডীকে সৰ্বাধিক এপ্ৰুভেল প্ৰদান কৰা হৈছে।
এই তালিকাৰ দ্বিতীয় স্থানত আছে মেক্সিকোৰ মেনুৱেল লোপেজ। তেওঁ লাভ কৰিছে ৬৩ শতাংশ ৰেটিং। তাৰপাছত তৃতীয় স্থানত আছে ইটালীৰ মাৰিয়া দ্ৰাঘী।