Narcotics worth over Rs 3 Cr seized in cachar:কাছাৰ আৰক্ষীৰ সফল অভিযান;জব্দ তিনি কোটিৰো অধিক টকাৰ নিচাজাতীয় সামগ্ৰী

নিউজ ডেস্ক,১৫ডিচেম্বৰ : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান। কাছাৰৰ লক্ষীপুৰ আৰু শিলচৰত আৰক্ষীৰ অভিযান।অভিযানত আৰক্ষীয়ে বুজণ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ।
লক্ষীপুৰৰ এছ ডি পি অ’ পাৰ্থ প্ৰতিম দুৱাৰাৰ নেতৃত্বত চলে অভিযান । অভিযানত শিৱপুৰৰ এটা ঘৰৰ পৰাই ৫০,৭৩৬ টা ট্ৰেমাডল প্ৰক্সাওম SPAS কেপচুল, ২৫২ বটল ক’ডিন ফছফেট কফ চিৰাপ আৰু ১৭,১০০ টা টেবলেট জব্দ কৰে(Narcotics worth over Rs 3 Cr seized in cachar)।
আৰক্ষীৰ ভাষ্য অনুসৰি লক্ষীপুৰৰ ৭ নং ৱাৰ্ডৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মিথুন চক্ৰৱৰ্তীয়ে শিৱপুৰৰ এই ঘৰটোত লুকুৱাই ৰাখিছিল নিচাজাতীয় সামগ্ৰীখিনি। ক’লা বজাৰত এই নিচাজাতীয় সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী মিথুন চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিছে।
ইফালে, শিলচৰত চলোৱা আন এক অভিযানত আৰক্ষীয়ে ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। শিলচৰ সদৰ থানাৰ টি এছ আই শুভজিত দত্তৰ নেতৃত্বত আৰক্ষীৰ এট দলে এখন বাইকত তালাচী চলাই জব্দ কৰে টেবলেটখিনি। টেবলেটখিনি শিলচৰ বেৰেংগাৰ পৰা বিক্ৰীৰ বাবে কাশীপুৰলৈ নিয়াৰ সময়ত আৰক্ষীয়ে জব্দ কৰে।
জব্দ কৰা টেবলেটখিনিৰ মূল্য প্ৰায় ৩কোটি টকা বুলি আৰক্ষীয়ে ভাষ্য প্ৰদান কৰে। ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী মুমিন উদ্দিন বৰভূঞাক গ্ৰেপ্তাৰ কৰে। ধৃত মুমিন উদ্দিনৰ ঘৰ বেৰেংগা তৃতীয় খণ্ডত।