Local, Vocal, Global

Narcotics worth crores seized in Merapani : মেৰাপানীত জব্দ ডেৰ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ’ইন, আটক তিনি সৰবৰাহকাৰী

নিউজ ডেস্ক,২৭মে’ : মেৰাপানীত আৰক্ষীৰ বৃহৎ সফলতা । মেৰাপানী সীমান্তৰ চাংখাতিত ডেৰ কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ’ইনসহ তিনি সৰবৰাহকাৰীক আটক আৰক্ষীৰ( Narcotics worth crores seized in Merapani)।

জানিব পৰা মতে গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফে মেৰাপানীত যুটীয়া অভিযান চলাইছিল । অভিযানত আৰক্ষীয়ে জব্দ কৰে হেৰ’ইন। লগতে আটক কৰে তিনি সৰবৰাহকাৰীক । আটক কৰা সৰবৰাহকাৰী কেইজন ক্ৰমে – মেৰাপানীৰ আইনুল হক, তফিক আলী আৰু আবু বক্কৰ বুলি জানিব পৰা গৈছে ।

হেৰ’ইন সৰবৰাহকাৰী দলটোৱে ডিমাপুৰৰ দিশৰ AS05Q9697 নম্বৰৰ এখন বলেৰ’ বাহনৰ পৰা ৪০ টা প্লাষ্টিকৰ চাবোনৰ বাকচত ভৰাই অনা আনিছিল হেৰ’ইনখিনি।

বৰ্তমান আটকাধীন আটাইকেগৰাকীকে মেৰাপানী আৰক্ষীৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Guwahati-North Guwahati ferry services suspended : পুনৰ বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা