Narcotics seized in lumding : লামডিঙত জব্দ কেইবা লক্ষাধিক টকাৰ নিচাজাতীয় সামগ্ৰী

নিউজ ডেস্ক,২৯অক্টোবৰ : দীপাৱালীৰ প্ৰাকক্ষণত লামডিঙত জব্দ কেইবালক্ষাধিক টকাৰ নিচাজাতীয় সামগ্ৰীৰ ।
মঙলবাৰে আৰক্ষীয়ে লামডিং ৰে’লৱে জংচনত অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ এজনক(Narcotics seized in lumding)৷
জানিব পৰা মতে, লামডিং জংচনৰ চলন্ত ৰে’লত আৰ পি এফ আৰু জি আৰ পিৰ যৌথ অভিযান চলাই।অভিযানত ৫০ লাখ টকাৰো অধিক মৰ্ফিন জব্দ কৰিবলৈ সক্ষম হয়। আৰ পি এফৰ বিশেষ দল CPDS,আৰপিএফ আৰু ৰে’ল আৰক্ষীৰ দলে ১২৪২৩ নম্বৰ নামনিমুৱা তিনিচুকীয়া- নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ অভিযান চলাই এই সমূহ সামগ্ৰী জব্দ কৰে।
উল্লেখ্য যে অভিযানত ৰে’লখনৰ বি ১০ দবাত উদ্ধাৰ কৰে সামগ্রিখিনি। জব্দকৃত প্ৰায় ১.১২ কেজি মৰ্ফিন ডিমাপুৰৰ পৰা হোজাই লৈ সৰবৰাহ কৰিছিল। এই ঘটনাৰ লগত জড়িত ৰাজস্থানৰ শ্ৰৱণ সিং নামৰ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক :National Unity Day 2024: আজি দেশজুৰি ৰাষ্ট্ৰীয় একতা দিৱস পালন